গীতসমুহ আমাক শিকাইছিল। অসাধাৰণ ব্যক্তিত্বৰে নীৰৱ সাধক উমেশ বৈশ্য ছাৰক ভালদৰে বুজিবলৈ সময় নাপালো। স্কুল এৰাৰ পাছত আৰ্য্য বিদ্যাপীঠ কলেজত দুবছৰীয়া পাঠ্যক্ৰম শেষ কৰি সংগীতৰ উচ্চ শিক্ষাৰ বাবে লক্ষ্ণৌলৈ যাওঁ। তাৰ পিছত তেওঁৰ সৈতে বৰ বেছি যোগাযোগ নাথাকিল। তেওঁৰ নীৰৱতাই তেওঁক আমাৰ পৰা বহু আঁতৰত ৰাখিলে। একেধাৰে সাহিত্য, কবিতা, সংগীতেৰে অসম মাতৃক জীপাল কৰিব পৰা ধ্যানমগ্ন যোগী উমেশ বৈশ্য ছাৰৰ বিষয়ে লিখনিত প্ৰকাশ কৰা সম্ভৱ নহয়। তেওঁৰ সুযোগ্য সন্তান ড° শেখৰজ্যোতি বৈশ্যক আমি ধন্যবাদ জনাও কিয়নো প্ৰয়াত উমেশ বৈশ্য ছাৰৰ লিখনিসমূহৰ একত্ৰিত কৰণৰ প্ৰয়াসৰ ফল “সুৰ বিচাৰি বাৰ বছৰ”এ নব প্ৰজন্ম, সমাজখনক বহু উপকৃত কৰিব। একেবাৰে প্ৰচাৰবিমুখ, নীৰৱ কবি, সাহিত্যিক, শিল্পীজনলৈ মোৰ সহস্ৰ প্ৰণিপাত জনালো। তেওঁৰ বিদেহী আত্মাই য’তেই জনম নলওক কিয়— তেওঁ শান্তি লভক●
(লেখিকা গীতশ্ৰী সংগীত মহাবিদ্যালয়ৰ অধ্যক্ষা।)