পৃষ্ঠা:শিল্পীপ্ৰাণ উমেশ বৈশ্য.pdf/২৯৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩০৩
উমেশ বৈশ্যৰ দ্বাৰা ৰচিত বিভিন্ন গ্ৰন্থৰ পাতনি

 আলোচনীখনৰ দ্বিতীয় পিঠিত শ্বহীদ দীলিপ চক্ৰৱৰ্তীৰ পবিত্ৰ স্মৃতিত “শ্ৰদ্ধাঞ্জলি" নিবেদন কৰিছে সম্পাদকে। সম্পাদকৰ অন্যতম আকৰ্ষণীয় সমালোচনা “অসমৰ বৰ্ত্তমান আন্দোলন” সঁচাকৈয়ে পঠনীয় আৰু সোৱাদ লগা হৈছে।

 উমেশ বৈশ্যৰ “অসমত সাহিত্য চৰ্চাৰ সমস্যা” শীৰ্ষক প্ৰৱন্ধটিয়ে সঁচাকৈয়ে সমসাময়িক সাহিত্য সৃষ্টিৰ বিভিন্ন সমস্যা স্পষ্ট ৰূপত উদঙাই দেখুৱাইছে। এনে বলিষ্ঠ পদক্ষেপে সাহিত্যপ্ৰেমী সকলক অনুপ্ৰাণিত নকৰাকৈ নাথাকে।

 শ্ৰীৰিজু হাজৰিকাৰ “কিমান বুদ্ধিত কামটো কৰিলে” নামক গল্পই প্ৰখৰ বুদ্ধিৰ যথাযথ প্ৰয়োগৰ সুফল দেখুৱালে।

 “গান্ধীজীৰ বুকুত সহস্ৰ বুলেট” নামৰ কবিতাত শ্ৰীঅমল কুমাৰ ভট্টাচাৰ্য্যই ন-পুৰণিৰ প্ৰতীক অঙ্কণ কৰাত সফল হৈছে। শ্ৰীমতী চাৰু প্ৰভা হাজৰিকাৰ “প্ৰাথমিক শিক্ষাদানৰ সমস্যাৰ কেইটামান দিশ” প্ৰৱন্ধত লিখিকাই বাস্তৱ সত্য দাঙি ধৰিছে। দেশমাতৃৰ গুণানুকীৰ্ত্তন কৰিছে “আমাৰ দেশ” কবিতাত নাট্যকাৰ, কবি, সাহিত্যিক শ্ৰীঅতুল চন্দ্ৰ হাজৰিকাই। “এটি গীত” নামক কবিতাত চৈয়দ জমিৰুদ্দিন আহমেদে গতানুগতিক আলোকপাত কৰিছে। পাৰিবাৰিক ভিত্তিত যুগুত কৰা পূৰঠ “বিভাজন” গল্পৰ মাজেদি শ্ৰীকুমাৰ মহাদেৱ ডেকাই অঙ্কন কৰা চৰিত্ৰ সমূহ সফল হৈছে। “গুন্দাপ্‌পা বিশ্বনাথ” (এজন সফল ভাৰতীয় বেটচ্‌ ম্যান)। খেলুৱৈ গৰাকীৰ চমু পৰিচয় সুত লগাকৈ লিখিছে শ্ৰীদেবজিত শৰ্ম্মাই।

 দ্বিতীয় সংখ্যা প্ৰকাশ পাইছে ১৯-২-৮১ তাৰিখে। এই সংখ্যাত আছে সম্পাদকীয় বহল দৃষ্টিভঙ্গীৰ তীক্ষ্ণ সমালোচনা। ভৃগুমণি কাগয়ুংৰ “সামাজিক সম্প্ৰীতি সাধনত সাংস্কৃতিক বিনিময়ৰ ভূমিকা” প্ৰৱন্ধ। শ্ৰীবিৰিঞ্চি কুমাৰ মেধিৰ “আকাশী গঙ্গা” গল্প। শ্ৰীজিতেন্দ্ৰ গোস্বামীৰ “শঙ্কৰদেৱ এটা শৈক্ষিক মূল্যায়ন" প্ৰৱন্ধ। শ্ৰীগিৰীশ তালুকদাৰৰ “যুদ্ধ কবিতা”। চৈয়দ জমিৰুদ্দিন আহমেদৰ আৰু শ্ৰীউমেশ বৈশ্যৰ “সমবেত গীত”, শ্ৰীৰমেন বৈশ্যৰ “তগৰ” কবিতা। শ্ৰীবিপুলানন্দ চৌধাৰীৰ “এটি সুৰৰ পুনৰ্জন্ম” গল্প। ফজল আলীৰ “ফটামুখৰ নতুন খবৰ" আৰু প্ৰবীণ নাট্য শিল্পী শ্ৰীসূৰ্য কুমাৰ বৈশ্যৰ লগত এটি সাক্ষাৎকাৰ।

 আলোচনীৰ গৰ্ভৰ প্ৰত্যেকটো গল্প, কবিতা, প্ৰৱন্ধ আৰু গীতসমূহ বাস্তৱবাদী ও সময়োপযোগী হৈছে। ন-লিখাৰুৰ সাহিত্য ৰসৰ বিভিন্ন ৰুচি পঢ়ুৱৈ বৃন্দই পঢ়ি সোৱাদ পাব আৰু প্ৰত্যেকটোৱেই জ্ঞান আহৰণৰ একো একোটা ইন্ধন।

 গল্প, প্ৰৱন্ধ আৰু কবিতাৰ আঁৰে আঁৰে সংযোেগ কৰা অমৰ বাণীয়ে আলোচনী খনিৰ সৌষ্ঠব বৰ্ধনৰ অন্যতম আকৰ্ষণ।

 একো একোখন পূৰ্ণাঙ্গ আলোচনীত গল্প, প্ৰৱন্ধ, কবিতা, সাক্ষাৎকাৰ প্ৰসঙ্গ