কৰি তেওঁলোক কথমপি বৰ্তী আছিল।
সেই সময়ত সোণ-ৰূপৰ কামকাজৰ যথেষ্ট আদৰ আৰু চাহিদা আছিল। তথাপিও যি সকল এই কামত ন্যস্ত আছিল তেওঁলোকৰ দৈন্যতাও কম নাছিল। বন্ধু উমেশ বৈশ্যৰ এনেকুৱা এটা সোণাৰী পৰিয়ালতে জন্ম লাভ হৈছিল। তেওঁৰ দেউতাক বন্তিৰাম বৈশ্য এজন সুঠাম, কৰ্মঠ আৰু শিক্ষানুৰাগী ব্যক্তি আছিল। নিজৰ ব্যৱসায়ত তেওঁৰ সাফল্য- উন্নতি উল্লেখযোগ্য আছিল। তেওঁৰ মাক (সখাৰ আইতাক) এবিধ স্ত্ৰীৰোগৰ বিশেষজ্ঞ আছিল। ওচৰ-পাজৰৰ উপৰিও বহু দূৰ-দূৰণিৰ অনেক ৰুগীয়া তিৰোতাক চিকিৎসা কৰি তেওঁলোকক সামাজিক অত্যাচাৰ, বিপদ আৰু কলংকৰ পৰা উদ্ধাৰ কৰি তেওঁ এজনী মহীয়সী মাতৃৰ ৰূপত অধিষ্ঠিত হোৱা আমি দেখিছিলোঁ। অদম্য সাহস, প্ৰভূত কৰ্মনিষ্ঠা আৰু কেতিয়াও দমি নোযোৱা শাৰীৰিক শক্তিৰ এটি অফুৰন্ত ভাণ্ডাৰ হিচাবে সেইজনী আইতাৰ কথা কেতিয়াও পাহৰিব নোৱাৰোঁ।
সখাৰ লগতে মোকো লগত লৈ বহু দূৰণিৰ ঠাইলৈ বাটকুৰি বাই গৈ অকণো আমনি নলগাকৈ আকৌ ঘূৰাই আনিছিল। সেইজনী আইতাৰ লগতে আমি চৈধ্য পোন্ধৰ মাইল বাট খোজ কাঢ়ি গৈ হাজোৰ পবিত্ৰ তীৰ্থস্থান দৰ্শন কৰি অহা কথা কেনেকৈ পাহৰিম? নিজৰ যোগ্যতাৰ যহত সেইজনী নাৰীয়ে বহু লোকৰ লগত সম্পৰ্ক ৰক্ষা কৰি পৰিয়ালৰ লগতে এটি মধুৰ আত্মীয়তা গঢ়ি তুলিছিল আৰু আৰ্থিক দিশতো পৰিয়ালটোক স্বচ্ছল আৰু লাভৱান কৰি তুলিব পাৰিছিল। গাঁৱৰ প্ৰায় সকলো পৰিয়ালক অভাৱ-অনাটনে মেৰিয়াই ৰাখিলেও তাৰ মাজত তেওঁলোকৰ পৰিয়ালটো যথেষ্ট স্বাৱলম্বী আৰু ব্যতিক্ৰম আছিল।
সেই সময়ৰ বিখ্যাত ‘অৰুণ অপেৰা’ৰ বিশিষ্ট সংগীত পৰিচালক আৰু শ্ৰেষ্ঠ অভিনেতা সূৰ্য্য বৈশ্য তেওঁৰ (সখাৰ) আপোন মোমায়েক আছিল। মোমায়েকৰ ব্যক্তিত্বৰ প্ৰভাৱ তেওঁলোকৰ গৃহত জিলিকিছিল। সেয়েহে হয়তো এখন অনুন্নত আৰু অনগ্ৰসৰ সমাজত জন্মিলেও তেওঁ আৰু তেওঁৰ ভাই-ভনী সকলোৰে দেহত সুন্দৰ ঠগ-গঢ়ৰ চেহেৰা পাটিৰ লগতে এটা সুন্দৰ চাৰিত্ৰিক বৈশিষ্ট্যও প্ৰতিভাত হৈছিল।
এইখিনিতে উল্লেখ কৰি থওঁ, তেওঁৰ মাক এজনী ধুনীয়া কৰ্ম নিপুণ অতি মৰমীয়াল তিৰোতা আছিল— যাৰ নিষ্কলুষ মৰম আদৰ-যত্নই মোকো বাৰুকৈ প্ৰভাবান্বিত কৰিছিল।