পৃষ্ঠা:শিল্পীপ্ৰাণ উমেশ বৈশ্য.pdf/৩২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৩৪
সোঁৱৰণীৰ অলেখ ভাষা শিল্পীপ্ৰাণ প্ৰয়াত উমেশ বৈশ্য

বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয় জিলিকি আছে সেই ঠাইখিনি হ’ল উলুবাৰী মৌজাৰ চহৰ উলুবাৰী টাউনৰ চৰকাৰী ৪৭৯ নং দাগৰ ৩ বিঘা মাটি। এই মাটিখিনিলৈ বিদ্যালয়খন বিদ্যাপীঠৰ পৰা স্থানান্তৰিত কৰাৰ বাবে কমিটিয়ে চৰকাৰৰ লগত যোগাযোগ কৰিলে। চৰকাৰে এই মাটিখিনি বাণীকান্ত সোঁৱৰণী বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ নামত হস্তান্তৰ কৰিলে। সেইখিনি মাটিতে টাইল আৰু খেৰেৰে এটা ঘৰ সজা হ’ল আৰু সেই ঘৰলৈ ১৯৬৬ চনৰ পহিলা ভাগত বিদ্যালয়খন বিদ্যাপীঠৰ পৰা স্থানান্তৰিত কৰা হয়। ৰিহাবাৰীৰ সেই নতুনকৈ লোৱা মাটিখিনিত নতুনকৈ সজা টাইল আৰু খেৰৰ সাধাৰণ ঘৰটিত বিদ্যালয়খনে আন এটা স্তৰত ভৰি দি আগুৱাবলৈ ধৰিলে।

 ১৯৬৬ চনত ৰিহাবাৰীৰ এইখিনি ঠাইলৈ অহা-যোৱাৰ বাট-পথ বৰ্তমানৰ দৰে সুচল নাছিল। বৰ্তমানৰ ৰহাভিল্লা, গোপীনাথ মহন্ত, কালীচৰণ বৈশ্য, উপেন ভূঞা আৰু বিদ্যালয়ৰ নিকটৱৰ্তী প্ৰতিবেশী সুনন্দ দাসৰ মাটিৰ কাষেদি বিদ্যালয়লৈ সোমাব পৰা এটা সৰু বাট আছিল। উপেন ভূঞাৰ মাটিৰ কাষৰ পৰা সুনন্দ দাসৰ মাটিৰ কাষেদি থকা জলাশয়ৰ ওপৰত এখন সৰু বাঁহৰ দলং দিয়া হৈছিল। এই দলং পাৰ হৈ শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰীসকলৰ প্ৰায় ভাগেই বিদ্যালয়লৈ আহিছিল। ন্যায়াধীশ ডম্বৰুধৰ পাঠকৰ সন্মুখেদি পশ্চিমমুৱা হৈ দুইফালে বিহাৰী বাসিন্দাসকলৰ মাজেদি যাদৱ ডেকা আৰু প্ৰতাপ চৌধুৰীৰ মাটিৰ দুই সীমাৰ মাজেদি সোমাই পুনৰ যাদৱ ডেকা আৰু উপেন ভূঞাৰ সন্মুখেদি উত্তৰমুৱা হৈ বিদ্যালয়লৈ যিটো বাট আহিছে সিও সেই সময়ত অতি অনুন্নত আছিল। বিদ্যালয়ৰ পৰা যাদৱ ডেকাৰ কেকুৰিটোলৈকে বাৰিষা এক আঠু পানী হৈছিল। এই অংশত বাঁহৰ দলং দিয়া হৈছিল আৰু তাৰ ওপৰেৰে বিদ্যালয়লৈ অহা-যোৱা কৰা হৈছিল। চেৰাপভাটীৰ ফালৰ পৰা বিদ্যালয় মুখে অহা বাটটোও বাৰিষা পানীৰে ভৰি আছিল। পানী জোকৰ ভয়ত আতঙ্কিত হৈ ডেং মেলি মেলি শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰীসকল বিদ্যালয়লৈ আহিব লগা হৈছিল।

 কমিটিৰ নিৰৱচ্ছিন্ন চেষ্টাৰ ফলত ১৯৬৫ চনত এম. ই বিদ্যালয় ঘাটি মঞ্জুৰী প্ৰাপ্ত স্তৰলৈ উন্নীত হোৱাৰ আদেশ পোৱা হ'ল। এই আদেশ ১৯৬৫ চনত পোৱা হ'ল যদিও ইয়াৰ effect দিয়া হ’ল ১৯৬৪ চনৰ পৰা। ঘাটি মঞ্জুৰী স্তৰলৈ উন্নীত হোৱাৰ লগে লগে এম. ই. শাখাৰ শিক্ষক- শিক্ষয়িত্ৰীসকলে সম্পূৰ্ণ চৰকাৰী হাৰত দৰমহা পোৱা হ'ল। পিছে শিক্ষক- শিক্ষয়িত্ৰীসকলে দৰ্মহা লোৱা বহীত ৰেভিনিউ টিকটৰ ওপৰত সম্পূৰ্ণ হাৰত