দেখা নাপালে। উল্লেখযোগ্য যে প্ৰগতিৰ গানৰ পাণ্ডুলিপিটো ১৯৯০ চনতেই
ড° হীৰেন গোহাঁই আৰু নলিনীধৰ ভট্টাচাৰ্য্যদেৱক দেখুৱাই তেখেতসকলৰ
স্পষ্ট অভিমত লৈ থৈছিল। পৰৱৰ্তী সময়ত ২০১০ চনত আমি ‘প্ৰগতিৰ গান’
প্ৰকাশ কৰি উলিয়াওঁ। এই পুথিখনে পাঠক সমাজৰ পৰা যথেষ্ট সঁহাৰি লাভ
কৰে।
এজন শিক্ষক হিচাপেও দেউতাৰ সফলতা আছিল ঈৰ্ষণীয়। এজন সু- শিক্ষক আৰু সুদক্ষ প্ৰশাসক হিচাপে সৰ্বজন সমাদৃত দেউতাই অসমীয়া বিভাগত এম.এ. হৈও তেখেতে নিজৰ বহুমুখী প্ৰতিভাৰ পৰিচয় দি অষ্টম শ্ৰেণীৰ পৰা দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে ‘উচ্চ মাধ্যমিক গণিত সহায়িকা’ নামেৰে এখন ব্যতিক্ৰমধৰ্মী পুথি ৰচনা কৰে আৰু মৃত্যুৰ আগমুহূৰ্তত স্কুলৰ পৰা উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ ছাত্ৰ-ছাত্ৰীৰ বাবে 'Higher Secondary English Grammar' এখন ৰচনা কৰে। ইয়াৰ পূৰ্বে ১৯৭৭ চনত প্ৰকাশক অমল চন্দ্ৰ গুহৰ অনুৰোধ মৰ্মে অসম মাধ্যমিক শিক্ষা পৰিষদে পঞ্চম শ্ৰেণীৰ বাবে অনুমোদন কৰা ৰচনাৰ পাঠ্যক্ৰম অনুসৰি ‘ৰচনা মালিকা’ নামেৰে এখন পাঠ্যপুথি প্ৰকাশ কৰে।
একঘেয়ামী কাম আৰু চিন্তাৰ বিৰোধী তথা ইতিহাসপ্ৰেমী দেউতাই ‘পৃথিৱী, প্ৰকৃতি আৰু মানুহৰ গতিশীলতাৰ কাহিনী’ নামেৰে মানুহৰ ক্ৰমবিকাশৰ ইতিহাসৰ ওপৰত এখনি তথ্যসমৃদ্ধ আৰু গৱেষণামূলক পুথিৰ পাণ্ডুলিপি প্ৰস্তুত কৰি গৈছিল।
তদুপৰি ‘বাণীকান্ত সোঁৱৰণী বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ঃ ইয়াৰ জন্ম আৰু ক্ৰমবিকাশৰ সংঘাটতময় ইতিহাস’ নামেৰে ১৯৬৩ চনতেই স্থাপিত হোৱা নিজৰ কৰ্মৰত বিদ্যালয়খনৰ ১৯৯৪ চনলৈকে প্ৰতিটো দিনৰ সৰু-বৰ ঘটনা/দুৰ্ঘটনা সন্নিবিষ্ট কৰি এখন বুৰঞ্জী লিখিছিল (বিদ্যালয়ৰ মুখপত্ৰত ১৯৯৪ চনত প্ৰকাশিত) যি অনাগত দিনত বিদ্যালয়খনৰ ইতিহাসৰ দলিল হিচাপে চিহ্নিত হৈ ৰ'ব। অলপ নিৰপেক্ষ ভাৱে চিন্তা কৰিলে এই কথাটো অনুভৱ কৰিব পৰা যায় যে এইদৰে নিজৰ কৰ্মৰত অনুষ্ঠান বা প্ৰতিষ্ঠানৰ বুৰঞ্জী লিখাটো যথেষ্ট কষ্টকৰ কাম। চূড়ান্ত সাধনা আৰু গৱেষণা নকৰিলে এনে কাৰ্য কৰা অসম্ভৱ। দেউতাই বিদ্যালয়খনৰ প্ৰতি আগবঢ়োৱা আন অৱদানৰ ভিতৰত অন্যতম হ’ল তেখেতে ৰচনা আৰু সুৰ কৰা বিদ্যালয় সংগীতটো।
দেউতাৰ আন এটা মন কৰিবলগীয়া কথা আছিল এই যে তেওঁৰ