পৃষ্ঠা:শিল্পীপ্ৰাণ উমেশ বৈশ্য.pdf/২৫৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৫৮
সোঁৱৰণীৰ অলেখ ভাষা শিল্পীপ্ৰাণ প্ৰয়াত উমেশ বৈশ্য

বুকুৰ তেজ ঢালি ৰঙা ফুলৰ দৰে হৈ মাতৃভূমিক চেনেহ যঁচা শ্বহীদলৈ প্ৰণাম যাঁচি, সেই প্ৰণাম গ্ৰহণ কৰিবলৈ কাতৰ অনুৰোধ জনাইছে। গীতটিত গীতিকাৰজনৰ দেশাত্মবোধৰ ভাৱ প্ৰকাশ পাইছে—

 মুকুতি যুঁজত ৰঙাফুল হৈ
 চুমিলা মাতৃভূমি,
  তোমালৈ আমাৰ সহস্ৰ প্ৰণাম
  লোৱা হে শ্বহীদ তুমি।

 লেখক তথা গীতিকাৰজনৰ মূল আন্তৰিক অনুভূতি দেশ আৰু দেশৰ মানুহৰ উন্নতি। গীতিকাৰজনে কেতিয়াবা ভাৰত আৰু কেতিয়াবা অসম দেশৰ অতীত গৌৰৱৰ স্মৰণ কৰি আজিৰ ভাৰত তথা অসমত সেই গৌৰৱৰ কোনো পৰিচয় নেদেখি উদ্বিগ্নতা প্ৰকাশ কৰি দেশবাসীক দেশৰ প্ৰগতিৰ হকে প্ৰাণপণে খাটিবলৈ আহ্বান জনাইছে। অমানুহে মানুহ হৈ, অনভিজ্ঞজনে বিজ্ঞজন হৈ শাসনত অধিষ্ঠিত হৈ কল্যাণৰ ভাও দেখুৱাই অকল্যাণজনক কাম কৰি, স্বাৰ্থলোভী হৈ দেশৰ অনিষ্ট কৰা দেখি গীতিকাৰজন চিন্তা জৰ্জৰিত হৈ দেশৰ মানুহকে সেই অনিষ্টকাৰীবোৰক নিৰ্মূল কৰাৰ অস্ত্ৰ হিচাপে গণ্য কৰি বাৰে বাৰে দেশৰক্ষাৰ যুঁজ যুঁজিবলৈ আহ্বান জনাইছে।

 নিজৰ অতীত গৌৰৱ পাহৰা, পাতল চিন্তা-স্বভাৱৰ বাবে গীতিকাৰজনে দেশবাসীকে ধিক্কাৰ দিছে। অলসতা, কৰ্মবিমুখতা ত্যাগ কৰি দেশ তথা সমাজখনক আগুৱাই নি বিশ্বৰ বুকুত জিলিকাই তোলাৰ সপোন বা আকাংক্ষা গীতবোৰত প্ৰকাশ পাইছে।

 গীতিকাৰজন সংস্কৃতি সচেতন। অসমীয়া সংস্কৃতিৰ বিশেষকৈ অসমীয়া মানুহৰ জাতীয় উৎসৱ বিহুৰ অতীতৰ ৰূপৰ পৰিবৰ্তন দেখি মনত অস্বস্তি অনুভৱ কৰিছে। প্ৰকৃত ৰূপত জাতীয় সংস্কৃতিক জীয়াই ৰখাৰ বাবে দেশবাসীক আস্থা আৰু শ্ৰদ্ধাৰে আহ্বান জনাইছে। গীতবোৰৰ মাজেৰে গীতিকাৰজনৰ দেশাত্মবোধ আৰু সংস্কৃতি সচেতনতাৰ ভাব প্ৰকাশ পাইছে।

 উদীয়মান ছাত্ৰ-ছাত্ৰী তথা যুৱক-যুৱতীসকলৰ মনত দেশপ্ৰাণতাৰ অংকুৰণৰ ক্ষেত্ৰত গীতবোৰ সহায়ক হ'ব বুলি ভবাৰ স্থল আছে। সেই দিশৰপৰা ছাত্ৰ-ছাত্ৰীসকলৰ কোনোটো নহয় কোনোটো স্তৰত গীতসমূহৰ সকলোবোৰ নহ'লেও বছা বছা কেইটামান গীত সংগীত পাঠ্যভুক্ত কৰিব পাৰিনে বিজ্ঞসকলে, বিবেচনা কৰিব পাৰে।