পৃষ্ঠা:শিল্পীপ্ৰাণ উমেশ বৈশ্য.pdf/৩৩০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩৩৯
সৃষ্টিৰ মাধুৰীঃ কৃষ্টিৰ হেঙুল

সহায়ক শ্ৰীযোগেন পাঠকে শিক্ষক-শিক্ষয়িত্ৰীসকলৰ দৰমহাৰ টকা বেঙ্কৰ পৰা লৈ আহোঁতে চিটিবাছত পকেট মৰা বুলি কৈ আত্মসাৎ কৰাৰ অভিযোগত আৰু পাছবুক ডুপ্লিকেট কৰি বেঙ্কৰপৰা জালচহী দি ধন উলিওৱাৰ অভিযোগত একে সময়তে দুটা মোকৰ্দমা আৰম্ভ হয়। মোকৰ্দমা চলি থকা সময়ছোৱাত শ্ৰীযোগেন পাঠক চাচপেন্সনত থাকে আৰু সেই সময়ছোৱাত ১৯৮০ চনত মঃ আটাউৰ ৰহমান কাৰ্যালয় সহায়ক হৈ অস্থায়ী ভাবে বিদ্যালয়ত যোগদান কৰে। সেই মোকৰ্দমা প্ৰায় এঘাৰ বছৰ কালজুৰি চলে। দুয়োটা মোকৰ্দমাতে যোগেন পাঠকৰ জয় লাভ হয়। মোকদৰ্মা চলি থকা সময়ছোৱাৰ ভিতৰতে মঃ আটাউৰ ৰহমানৰ নিযুক্তিটো অস্থায়ীৰ পৰা স্থায়ী পৰ্যায়লৈ অনা হয়।

 ১৯৮২ চনত এটা আকস্মিক দুৰ্ঘটনাত উচ্চ মাধ্যমিক বিদ্যালয়ৰ জ্যেষ্ঠতম শিক্ষয়িত্ৰী শ্ৰীযুতা ৰাণু দত্তৰ মৃত্যু হয়। তেওঁৰ ঠাইত যোগদান কৰেহি বি.এছ.চি. শিক্ষয়িত্ৰী শ্ৰীযুতা আৰতি হাজৰিকাই। ৰাণু দত্তৰ মৃত্যুৰ পিছত শ্ৰীউমেশ বৈশ্য বিদ্যালয়ৰ জ্যেষ্ঠতম শিক্ষক হিচাপে পৰিগণিত হয় আৰু তিনি শ্ৰেণীৰ উচ্চ মাধ্যমিক বিদ্যালয়ত সহকাৰী প্ৰধান শিক্ষকৰ ব্যৱস্থা নথকা বাবে প্ৰধান শিক্ষয়িত্ৰীক নানা দিশত জ্যেষ্ঠতম সহকাৰী শিক্ষক হিচাপে শ্ৰীউমেশ বৈশ্যই সহায় কৰিবলৈ ধৰে।

 ১৯৮৪ চনত আমাৰ মাজলৈ আহে শ্ৰীযুতা অনিলা তালুকদাৰ।

 একে চৌহদত দুখন বিদ্যালয়ৰ প্ৰশাসনীয় অসুবিধা, উভয় বিদ্যালয়ৰ শিক্ষান্ত পৰীক্ষাৰ ফলাফলৰ স্থবিৰতা আদি পৰিলক্ষিত হোৱাত কমিটিৰ মনত দুয়োখন বিদ্যালয়ৰ একত্ৰীকৰণৰ চিন্তা উদয় হ’ল। ১৯৮০ চনমানৰ পৰা বিদ্যালয় দুখন একত্ৰীকৰণ কৰা সম্পৰ্কত একপক্ষীয়ভাৱে উচ্চ মাধ্যমিক শাখাৰ কাৰ্যকৰী কমিটিয়ে গুণাগঁঠা কৰিছিল যদিও ১৯৮৬ চনৰ পৰাহে বিদ্যালয় দুখন একত্ৰীকৰণ কৰা সম্পৰ্কত বিশেষকৈ দুয়োখন বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী সকল সক্ৰিয় হৈ উঠে। ২৭/১০/৮৬ তাৰিখে জিৰণি কোঠাত দুয়োখন বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীসকল মিলিত হৈ বিদ্যালয় দুখন একত্ৰীকৰণ কৰা সম্পৰ্কে এখন সভা পাতিবলৈ ২৬/৯/৮৬ তাৰিখে উচ্চ মাধ্যমিক শাখাৰ প্ৰধান শিক্ষয়িত্ৰীয়ে এখন জাননী দিয়ে। এই সভাত যোগদান কৰিবলৈ সৰ্বশ্ৰী ধমেশ্বৰ পাঠক, উমেশ বৈশ্য, গৌৰী দত্ত, নিভা তালুকদাৰ, চম্পা শইকীয়া, ৰুণুমী ভৰালী, পদ্মা দেৱী, আৰতি হাজৰিকা, অনিলা তালুকদাৰ, পুষ্প দাস, সৰোজ চৌধুৰী, মঞ্জুশ্ৰী দেৱী আৰু সৰ্বশেষত ৰোহিণী শৰ্মাই জাননী পত্ৰত