পৃষ্ঠা:শিল্পীপ্ৰাণ উমেশ বৈশ্য.pdf/১৩৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩৭
উমেশ বৈশ্যৰ স্মৃতিচাৰণ


বাল্যবন্ধু উমেশ বৈশ্যৰ সোঁৱৰণত

বিজয় শংকৰ কলিতা
নামডোঙা, বালিলেছা

 উমেশ বৈশ্য মোৰ বাল্যবন্ধু। আমি দুয়ো ইজনে সিজনক তুমি সম্বোধন কৰি নাম কাঢ়ি মাতিছিলো। তেওঁৰ জন্ম নলবাৰী চহৰৰ দক্ষিণ-পূৰ্ব কোণত অৱস্থিত বালিলেছা গাঁৱত। বালিলেছা এখন পুৰণি বুৰঞ্জী প্ৰসিদ্ধ গাঁও। এই গাঁওখন দক্ষিণ নলবাৰী অঞ্চলৰ দহ বাৰখন গাঁৱৰ কেন্দ্ৰস্থল। এই গাঁৱৰ মাজেৰে নলবাৰী-কমাৰকুছি পথ গৈছে। নলবাৰী চহৰৰ পূব প্ৰান্তৰ পৰা এই গাঁৱলৈ মন্দিৰ সংযোগী এটি পকী পথ আছে। আহোম ৰজা শিৱসিংহই এই গাঁৱত দৌল-দেৱালয় প্ৰতিষ্ঠা কৰিছিল। ইয়াত প্ৰতিষ্ঠা কৰা দেৱীদৌল, বিষ্ণুদৌল আৰু শিৱদৌলৰ ভগ্নাৱশেষে আজিও ইতিহাস সাক্ষৰবহন কৰি আছে। দেৱালয়ৰ পূবফালে কালীসাগৰ পুখুৰী’ নামৰ এটি বৃহৎ পুখুৰী স্বৰ্গদেৱে খন্দাই দিছিল। আজিও এই পুখুৰী নিৰ্মল নিকা পানীৰে বিধৌত হৈ আছে। ইং ১৮৯৭ চনৰ প্ৰৱল ভূমিকম্পত মূল মন্দিৰ ধ্বংসপ্ৰাপ্ত হোৱাত ইয়াক নতুনকৈ নিৰ্মাণ কৰি দেৱী প্ৰতিষ্ঠা কৰা হৈছে। মন্দিৰত প্ৰতিষ্ঠিত দেৱী জাগ্ৰত দক্ষিণা কালী। অসমৰ বিভিন্ন ঠাইৰ পৰা ধৰ্মপ্ৰাণ লোকসকল ইয়ালৈ আহি দেৱী দৰ্শন কৰি পূজা অৰ্চনা কৰে। ইয়াত নিত বলি-বিধান আছে। এনে এখন ঐতিহ্যমণ্ডিত গাঁৱত উমেশ বৈশ্যৰ জন্ম হৈছিল। জন্মৰ চন ইং ১৯৩৯ চন। তেওঁৰ পিতৃৰ নাম বন্তিম বৈশ্য আৰু মাতৃৰ নাম পৱিত্ৰপ্ৰিয়া বৈশ্য। দেউতাক বন্তিম বৈশ্য নিম্ন মধ্যবিত্ত পৰিয়ালৰ মানুহ আছিল। তেখেতে সোণ-ৰূপৰ অলংকাৰ তৈয়াৰ কৰিছিল। উমেশ বৈশ্যৰ চাৰিজন ভাই আৰু এজনী ভগ্নী আছিল। দেউতাকে অসীম কষ্ট আৰু ত্যাগ স্বীকাৰ কৰি ল'ৰা-ছোৱালী কেইটাক পোহপাল দিয়াৰ উপৰিও তেওঁলোকৰ শিক্ষাৰ বাবে যৎপৰোনাস্তি চেষ্টা কৰিছিল। উমেশ বৈশ্যৰ মাতৃ এটি সুসংস্কাৰপূৰ্ণ পৰিয়ালৰ জীয়াৰী আছিল। তেখেতৰ জ্যেষ্ঠ ভাতৃ প্ৰয়াত সূৰ্য্য বৈশ্য অসমৰ ভ্ৰাম্যমান যাত্ৰাপাৰ্টীৰ এজনা সুনিপুণ অভিনেতা আৰু নৃত্য বিশাৰদ লোক আছিল। মৰোৱাৰ “অৰুণ নাট্য সমিতি’ যাত্ৰাদলৰ শিল্পীসকলৰ