বৈশ্য আমাৰ অনুজস্বৰূপ হ’ল। সেই সময়ত তেওঁৰ নলেগলে লগা অন্যতম
বন্ধু আছিল সৰু দীঘেলী গাঁৱৰ শ্ৰেষ্ঠ সংস্কৃত পণ্ডিত অধ্যাপক প্ৰয়াত শ্ৰীকণ্ঠ
ভট্টাচাৰ্যৰ পুত্ৰ শ্ৰীলাৱণ্য ভট্টাচাৰ্য। ছায়া আৰু কায়াৰ দৰে দুয়ো দুয়োৰে
লগৰীয়া আছিল আৰু পিন্ধন-উৰণ সকলো দিশতে এক সাম্য সমতা ৰাখি
চলিছিল। আমিবিলাক তেতিয়া প্ৰায় একে সময়তে স্কুললৈ গৈছিলোঁ। মই,
শ্ৰীবিজয় শংকৰ কলিতা, শ্ৰীনাৰায়ণ মহন্ত, প্ৰয়াত কৃষ্ণকান্ত তালুকদাৰ, প্ৰয়াত
দ্বিজেশ চন্দ্ৰ ভট্টাচাৰ্য, জিতেন শৰ্মা এই সকলো বিলাকে দলবান্ধি স্কুললৈ
গৈছিলো। শ্ৰীলাৱণ্য ভট্টাচাৰ্য আৰু প্ৰয়াত বৈশ্য গৈছিল গৰ্ডন হাইস্কুললৈ,
আমিবিলাক গৈছিলো নলবাৰী দেবীৰাম পাঠশালা হাইস্কুললৈ। আমাৰ লগত
বৈশ্যৰ বন্ধুত্ব আছিল যদিও শ্ৰীভট্টাচাৰ্যৰ লগতহে বিশেষ আত্মীয়তা গঢ়ি
উঠিছিল। এই ক্ষেত্ৰত একে অঞ্চলৰ আকৰ্ষণতকৈ একে স্কুলৰ সহপাঠীৰ
সান্নিধ্যৰ আকৰ্ষণে বৈশ্যক অধিক প্ৰভাৱান্বিত কৰিছিল। ই সত্য। শিক্ষাবিধিয়ে
টানি দিয়া ব্যৱধানৰ বাবে যদিও উমেশ চন্দ্ৰ বৈশ্য আমাতকৈ এটা বছৰ পাছত
থাকিল তথাপি আমি বৈশ্যক কোনো দিনে নিম্নমানৰ বুলি ভবা নাছিলো, বৰং
এম.ভি. পাছ কৰি যোৱা ল'ৰাৰ প্ৰতি আমাৰ যথেষ্ট উচ্চ ধাৰণাই আছিল।
তেওঁলোক অসমীয়া ভাষা সাহিত্যৰ বিষয়ত অথবা ভূগোল, পৰিমিতি-জ্যামিতি,
বুৰঞ্জী আদি বিষয়ত ভালেখিনি আগবঢ়া বুলি আমাৰ বিশ্বাস আছিল আৰু
আমি তেওঁলোকক বৰ সমীহ কৰি চলিছিলোঁ। উমেশ চন্দ্ৰ বৈশ্যৰ প্ৰতিও
আমাৰ তেনেকুৱা এটা উচ্চ ধাৰণা আছিল আৰু অগ্ৰজ ভাতৃৰ সন্মানেৰে
ব্যৱহাৰ অটুত ৰাখিছিলোঁ। সেই সময়ত শিক্ষানুষ্ঠান সমূহত বিশেষকৈ উচ্চ
খাপৰ ছাত্ৰ-ছাত্ৰী আৰু নিম্ন খাপৰ ছাত্ৰ-ছাত্ৰীৰ মাজত আচৰণ বিধিৰ ক্ষেত্ৰত
এক শালিনতাপূৰ্ণ পৰিবেশ আছিল, যিটো পৰিবেশ বৰ্তমান বিদ্যালয় বা
মহাবিদ্যালয় সমূহত দেখিবলৈ পোৱা নাযায়। নিম্ন খাপ বা শ্ৰেণীৰ ছাত্ৰ-
ছাত্ৰীয়ে উচ্চ খাপ বা শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীক পাতল ধৰণৰ কথা-বতৰা বা
ব্যৱহাৰেৰে আচৰণ কৰাটো এক প্ৰকাৰ অপৰাধ বুলিয়েই গণ্য কৰা হৈছিল।
তেনেকুৱা এটা মূল্যমানৰ ধাৰণা আগত ৰাখিয়ে আমিও বৈশ্যৰ লগত কথা-
বতৰা বা হাঁহি-ধেমালিত মিলিত হৈছিলোঁ। শিক্ষাৰ পৰিবেশ তেতিয়া শান্ত
আছিল। বন্ধ সংস্কৃতি তেতিয়া গঢ়ি উঠা নাছিল, শেখৰ-হৰপালে দেখা দিয়া
নাছিল, ‘দাদা’ৰ সম্বোধন নাছিল।
বৈশ্যই গৰ্ডন হাইস্কুলৰ পৰা প্ৰৱেশিকা পাছ কৰি নলবাৰী কলেজত