বৈশ্যৰ জ্যেষ্ঠ পুত্ৰ। ৰমেশ, অতুল, ৰমেন আৰু ৰাতুল তেওঁৰ কনিষ্ঠ ভাতৃ
আৰু মাইকণ বৈশ্য একমাত্ৰ ভনী। স্বৰ্গীয় বন্তিম বৈশ্যৰ পিতৃপুৰুষসকল টিহু
অঞ্চলৰ। অকল তেওঁহে মাক সুন্দৰীবালা বৈশ্যৰ সৈতে আহি বালিলেছা
গাঁৱত বাস কৰিছিল। ডাঙৰ হোৱাত তেওঁ গঢ় পাতি সোণৰূপৰ গহনা আদি
তৈয়াৰ কৰি জীৱিকা চলাইছিল।
প্ৰয়াত উমেশ বৈশ্যৰ মাতৃ পবিত্ৰপ্ৰিয়া বৈশ্য আছিল অসমৰ স্বনামধন্য
নৃত্যশিল্পী, সু-অভিনেতা সূৰ্য্য বৈশ্যৰ ভনী। অতি সাদৰী, মৰমীয়াল, দেখনিয়াৰ
এই মহিলা গৰাকীৰ ল'ৰা-ছোৱালীকেইটাৰ স্বভাৱ-চৰিত্ৰ, নৈতিকতাবোধ, শিক্ষা-
দীক্ষা আদিৰ ক্ষেত্ৰত যে প্ৰভূত বৰঙণি আছিল তাক সকলোৱে স্বীকাৰ কৰিব
লাগিব।
পৃথিৱী বিখ্যাত বীৰ নেপোলিয়ন বোনাপাৰ্টে কৈছিল— "Give me
some good mothers, I will give a good nation." গতিকে এনে আদৰ্শ পিতৃ-মাতৃৰ সতি-সন্ততি কেতিয়াও কু-পথে যাব নোৱাৰে।
স্বৰ্গীয় উমেশ চন্দ্ৰ বৈশ্যই পঞ্চম শ্ৰেণীৰ ছমাহ দেবীৰাম পাঠশালাত
পঢ়ি গৰ্ডন হাইস্কুললৈ গৈ তাৰ পৰা ১৯৫৯ চনত প্ৰৱেশিকা পৰীক্ষা পাচ কৰি
১৯৬২ চনত নলবাৰী কলেজৰ পৰা আই এচ চি পৰীক্ষা পাচ কৰে। এসাজ
খাই এসাজ লঘোণ দিব লগা অৱস্থা হলেও কৰ্তব্যত অবিচল আছিল বাবে
তেওঁ বালিলেছা গাঁৱৰ এজন সুযোগ্য সন্তান। তেওঁ বড়িদতৰা হাইস্কুলত প্ৰায়
এবছৰকাল শিক্ষকতাও কৰিছিল। শেষত নলবাৰী কলেজৰ পৰা বি এ আৰু
গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া বিষয়ত এম এ ডিগ্ৰী লাভ কৰে।
তেওঁ নলবাৰী কলেজত অধ্যাপকৰ পদৰ প্ৰাৰ্থীও হৈছিল। কিন্তু বৰ্ণবৈষম্য
আৰু গোষ্ঠীগত চিন্তাধাৰাই তাহানিৰ নলবাৰীৰ বিদ্বৎ সমাজখন আৱৰি থকা
বাবে নলবাৰী কলেজত তেওঁৰ নিযুক্তি নহ’ল। নিজ স্বাৰ্থ সিদ্ধিৰ বাবে তোষণ
নীতিৰ আশ্ৰয় লোৱা তেওঁৰ চাৰিত্ৰিক বৈশিষ্ট্যৰ পৰিপন্থী। নিজে সত্য বুলি
ভবা কথাত তেওঁ কাৰৰ লগত আপোচ কৰা নাছিল। এইবাবেই আজিৰ যুগত
ব্যতিক্ৰম বুলি ক'ব লাগিব।
সংগীত কলাৰ ক্ষেত্ৰখনত তেওঁৰ গোটেই কেইজন ভাই-ভনীৰ ওপৰত
মাতুল বংশৰ প্ৰভাৱ বিদ্যমান যদিও স্বৰ্গীয় উমেশ চন্দ্ৰ বৈশ্যই গীতশ্ৰী সংগীত
বিদ্যালয়ৰ অধ্যক্ষ জমিৰুদ্দিন আহমেদৰ তত্ত্বাৱধানত সংগীত চৰ্চা কৰিছিল।
তেওঁ প্ৰধানকৈ ৰাগভিত্তিক গীতৰ উপাসক আছিল। প্ৰয়াত জমিৰুদ্দিনৰ নাম
পৃষ্ঠা:শিল্পীপ্ৰাণ উমেশ বৈশ্য.pdf/১২৮
অৱয়ব
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২৯
উমেশ বৈশ্যৰ স্মৃতিচাৰণ