পৃষ্ঠা:শিল্পীপ্ৰাণ উমেশ বৈশ্য.pdf/২৬৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৭২
সোঁৱৰণীৰ অলেখ ভাষা শিল্পীপ্ৰাণ প্ৰয়াত উমেশ বৈশ্য


গানতে দেশপ্ৰেমৰ ভাৱ ফুটি উঠিছে। এই গানকেইটা যেতিয়া সুৰাৰোপিত কৰা হ’ব তেতিয়া হয়তো কিতাপখনৰ বহুল প্ৰচাৰ হ’ব। তাৰোপৰি সুৰ, তাল আদিৰে গানকেইটাক সজাই-পৰাই তুলিলে শ্ৰোতায়ো নিশ্চয় আদৰি ল'ব। কাৰণ মই ভাবো যে প্ৰকৃত খিলঞ্জীয়াৰ দেশৰ প্ৰতি থকা প্ৰেম ভাৱ এতিয়াও হৃদয়ৰ কোনোবা এটা কোণত টোপনি মাৰি আছে। মাথো তাক জগোৱাৰ প্ৰয়োজন, সাৰ পোৱাৰ প্ৰয়োজন। এই ক্ষেত্ৰত প্ৰগতিৰ গানত থকা গানকেইটাই নিশ্চয় ঔষধৰ দৰেই কিছু কাম কৰিব। বৰ্তমান সময়ত সঁচাকৈয়ে এনে এখন গীতৰ পুথিৰ বৰ প্ৰয়োজন আছিল। কিতাপখনত থকা গীতকেইটাই পুনৰবাৰ যেন সোঁৱৰাই দিছে অসমত ১৯৪২ চনৰ ঘটনাৰ পুনৰাবৃত্তি হোৱাৰ পথত।

“জনসমুদ্ৰ এই দেশৰ বিভিন্ন জাতিগণ
আহা আগবাঢ়ি নাশি ভেদাভেদ
গাওঁ মিলনৰ গান।”

 সঁচাকৈয়ে গীতকেইটা হৃদয়ংগম কৰি পঢ়িলে সিৰাই সিৰাই ৰক্ত প্ৰৱাহিত হোৱাটো যেন অনুভৱ কৰিব পাৰি। পলমকৈ হ'লেও এনে এখন কিতাপ পাঠক সমাজলৈ আগবঢ়োৱাৰ বাবে প্ৰকাশিকা শ্ৰীমতী ৰিণা বৈশ্য তথা প্ৰকাশনলৈ মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ জনালোঁ।•

গ্ৰন্থ বাৰ্তা

প্ৰগতিৰ গান

 উমেশ বৈশ্যৰ প্ৰগতিৰ গান’ শীৰ্ষক গ্ৰন্থখনত এফাকি দেশপ্ৰেমমূলক গীত সংকলিত হৈছে। সাৱলীল ভাষা, গীতিময় ছন্দ আৰু সজীৱ আৱেগে গীতসমূহক অনন্য মাত্ৰা প্ৰদান কৰিছে। তেওঁৰ সৰহ সংখ্যক গানত সাম্প্ৰতিক অসমৰ ছবি দেখা পোৱা যায়। কিছুমান গানত আকৌ তেওঁৰ দৃষ্টি আৰু উপলব্ধিৰ সীমনাই জন্মভূমিকো অতিক্ৰম কৰি গৈছে। তেওঁৰ চৰ্চ্চা আৰু উপলব্ধিৰ বিষয়বস্তু মূলতঃ সমাজ। সেয়েহে সমাজ সচেতন, দৰদী মানুহে এই গানসমূহ ভাল পাব বুলি ক'ব পাৰি। জীৱনজ্যোতি সংগীতাশ্ৰমৰ হৈ ৰিণা বৈশ্যই প্ৰকাশ কৰা গ্ৰন্থখনৰ মূল্য মাত্ৰ ৬৫ টকা।•

আজিৰ দৈনিক বাতৰি, গুৱাহাটী, ১২/৬/২০১০-ত প্ৰকাশিত।