পৃষ্ঠা:শিল্পীপ্ৰাণ উমেশ বৈশ্য.pdf/৬৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৯
উমেশ বৈশ্যৰ স্মৃতিচাৰণ


আই. এছচি. পঢ়িবলৈ লৈছিল আৰু ইং ১৯৬২ চনত আই. এছচি. পাছ কৰি ঘৰুৱা দুৰ্বল আৰ্থিক অৱস্থাৰ বাবে সাময়িক ভাবে কেইমাহমানৰ বাবে বড়িদতৰাৰ বিষ্ণুৰাম মেধি (বৰ্তমান) হাইস্কুলত শিক্ষকতা কৰিবলৈ লৈছিল। সেই সময়ৰ প্ৰধান শিক্ষক প্ৰয়াত সিদ্ধিনাথ শৰ্মাই বৈশ্যক আগ্ৰহেৰে মাতি নিছিল আৰু বন্ধু বিজয় শংকৰ কলিতাৰ লগতে প্ৰয়াত কৃষ্ণকান্ত তালুকদাৰদেৱে বৈশ্যক বড়িদতৰাৰ বিষ্ণুৰাম মেধি হাইস্কুলত সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত যথেষ্ট উৎসাহ যোগাইছিল। তেখেতসকল দুয়োজনে ইতিমধ্যে সেই স্কুলত শিক্ষকতা কৰি আছিল। গতিকে নিজৰ ঠাইৰ আৰু এজন উৎসাহী ডেকাক নিজৰ লগত পালে তেখেতসকলৰ শক্তি বৃদ্ধি হয় বুলিয়েই বৈশ্যকো তেখেতসকলৰ মাজলৈ টানিছিল। বৈশ্য তাত বেছিদিন নাথাকিল। তেওঁ পুনৰ কলেজত নাম লগালে। বিজ্ঞান শাখাৰ সলনি এইবাৰ তেওঁ কলা শাখালৈ আহিল আৰু ইং ১৯৬৪ চনত বি.এ. পাছ কৰি ইং ১৯৬৭ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিবলৈ সক্ষম হয়। বিষ্ণুৰাম মেধি হাইস্কুলত শিক্ষকতা কৰি তেওঁৰ অন্তৰত শিক্ষকতা বৃত্তিটোৰ প্ৰতি এটি আকৰ্ষণৰ সৃষ্টি হৈছিল কিজানি যি কাৰণত তেওঁ বি.এ. পৰীক্ষা দি উঠিয়ে সাময়িক ভাবে কিছুদিনৰ বাবে গুৱাহাটীৰ ডনবস্কো হাইস্কুল আৰু আৰ্য্য বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ত কাম কৰিছিল। নিজৰ আৰ্জিত যোগ্যতা আৰু সফলতাই তেওঁক সকলো ক্ষেত্ৰতে দুৱাৰ মুকলি কৰি দিছিল, ইখন স্কুলৰ পাছত আনখনে হাতবাউল দি মাতিছিল। কম সময়ৰ ভিতৰতে এনেকৈ এখনৰ পাছত আনখন শিক্ষানুষ্ঠানত সেৱা আগবঢ়োৱাৰ সুযোগ সকলোৰে ক্ষেত্ৰত আহি নপৰে অথবা সাৰ্থকতা দেখুৱাব পৰাতোও এক বিৰল ঘটনা। ইয়াৰ মাজতে বন্ধু বৈশ্যৰ কৰ্মজীৱনৰ এক বিশেষ নিপুণতাৰ দিশ বিচাৰি পাওঁ নাইবা কৰ্মস্পৃহাৰ অন্য এক অদম্য হেপাহে ইয়াৰ লগত অন্তৰ্নিহিত হৈ থকা দেখা যায়। শিক্ষকতাকে জীৱনৰ শেষ লক্ষ্য হিচাবে লৈ বৈশ্যই ইং ১৯৬৬ চনত গুৱাহাটীৰ বাণীকান্ত সোঁৱৰণী হাইস্কুলত (বৰ্তমান উচ্চতৰ মাধ্যমিক) যোগদান কৰি জীৱনৰ অন্তিম দিনলৈ সেই স্কুলত গতি-প্ৰগতিৰ সপোনৰ সোপানতে নিজক বিলাই দিছিল। এই শিক্ষানুষ্ঠানৰ প্ৰাত্যহিক কৰ্মৰ মাজত নিজক সংজৰিত কৰি ৰাখিয়ে তেওঁৰ বাবে প্ৰয়োজনীয় বি.টি. পৰীক্ষা দি ইং ১৯৮৫ চনত সেই পৰীক্ষাত উত্তীৰ্ণ হয়। এই সাফল্যই তেওঁৰ শিক্ষক জীৱনৰ স্থিতি মজবুত কৰিছিল। তেওঁৰ কাৰ্যকালৰ সময়তে সেই বাণীকান্ত সোঁৱৰণী