পৃষ্ঠা:শিল্পীপ্ৰাণ উমেশ বৈশ্য.pdf/৩৬২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৭২
সোঁৱৰণীৰ অলেখ ভাষা শিল্পীপ্ৰাণ প্ৰয়াত উমেশ বৈশ্য


ৰাতুলৰ কাৰণে পেণ্টৰ কাপোৰ বোম্বাইত কিনিছোঁ। কম দামত বহু বস্তু পোৱা যায়। সকলোকে কিনিবৰ মন। পিছে মোৰ যাত্ৰা আছে বহুদুৰ। সেয়েহে টকালৈ লক্ষ্য কৰিহে অলপ অচৰপ বস্তু লৈছোঁ।

 ঘৰলৈ মনত পৰি আছে। যিমান পাৰি সিমান সোনকালে উভতি যোৱাৰ চেষ্টাত আছোঁ। বাঙ্গালোৰ ২৪ ঘণ্টাৰ পিছত পামগৈ। তাৰ পৰা আকৌ চিঠি লিখিম। আজিলৈ ইমানতে এৰিলোঁ। মাক মোৰ সেৱা জনাৱ। ঘৰৰ সৰু-বৰ সকলোলৈ মোৰ স্নেহ শ্ৰদ্ধা থাকিল। ইতি—

আপোনাৰ মৰমৰ
উমেশ