সমাদৰ লাভ কৰিব। কৰ্মস্থলীৰ হকে ৰচনা কৰা গীতটো এক বিৰল সংগীত। সংগীত শিক্ষতে তেখেতৰ জ্ঞান আছিল অপৰিসীম। গীতৰ কলি গুণ-গুণাই থকাটো তেখেতৰ এক স্বভাৱ আছিল। সংগীতৰ প্ৰতিযোগিতা সমূহত প্ৰায়েই বিচাৰকৰ দায়িত্ব গ্ৰহণ কৰিছিল। ভাটখাণ্ডেৰ পৰা সংগীত শিক্ষা লাভ কৰা বৈশ্যদেৱৰ সকলো ধৰণৰ গীত-মাততে অতি নিখুঁত জ্ঞান আছিল। হামনিয়াম বাদ্যযন্ত্ৰ পালেই তেখেত হৈ পৰিছিল আপোন পাহৰা।
শুভ্ৰ হৃদয়ৰ
জ্ঞান দাতা তুমি
পাইছিলো সাক্ষাৎ
হৈছিলো সহযোগী
কৰ্মৰ আদি ক্ষণত--
পূৰ্ণিমাৰ চন্দ্ৰ সদৃশ ব্যক্তি প্ৰয়াত বৈশ্য ছাৰক লগ পাই মোৰ জীৱনৰ
খোজবিলাক যেন নিৰ্দিষ্টতালৈ গতি কৰিলে। শিক্ষা জগততে আবদ্ধ নাথাকি
বিভিন্ন ধৰণৰ সৎ আৰু জ্ঞানসমৃদ্ধ আলোচনাৰে মোক বান্ধি পেলাইছিল।
লিখা-মেলা কৰিবলৈ তেখেতে প্ৰেৰণা দিয়াৰ লগতে লিখা সম্পৰ্কত বিশেষ
জ্ঞান দিছিল। যিকোনো কামতে মোক অতি বিশ্বাসত দায়িত্ব অৰ্পন কৰি
বৈশ্য ছাৰে যেন আত্মসন্তুষ্টি লভিছিল। ৰুগ্ন দেহেৰে বিদ্যালয়ৰ কামত মোৰ
সৈতে সদায় সহযোগ কৰিছিল। বিদ্যালয়ক শ্ৰেষ্ঠ স্থান দিয়া বৈশ্য ছাৰে
ব্যক্তিগত সামগ্ৰী আনি বিদ্যালয়খন সজাইছিল। উপাধ্যক্ষ আৰু ভাৰপ্ৰাপ্ত
অধ্যক্ষ কাৰ্যকালত বিদ্যালয়ৰ সৰ্বতোপ্ৰকাৰে উন্নতিৰ আপ্ৰাণ চেষ্টা কৰিছিল।
বিদ্যালয়তে অত্যধিক সময় আত্মনিয়োগ কৰি অপৰিসীম আনন্দ লাভ
কৰিছিল। বিদ্যালয়ৰ প্ৰত্যেকজনে প্ৰয়োজন সাপেক্ষে জ্ঞানৰ ভিক্ষা মাগিছিল।
নিৰাশাবাদ তেখেতৰ বাবে আছিল অসহনীয়। সৎ সাহস আৰু ন-
উদ্যমেৰে সকলো কামতে আগবাঢ়িছিল। এনে আদৰ্শ সঁচাকৈয়ে অতুলনীয়।
বিদ্যালয়ৰ আলোচনীত মূখ্য ভূমিকা লোৱা বৈশ্য ছাৰে তত্ত্বগধুৰ ৰচনাৰে
আললাচনীৰ সৌন্দৰ্যবৰ্ধন কৰিছিল। শিক্ষক-শিক্ষয়িত্ৰীৰ সৈতে তেখেতৰ
সম্পৰ্ক আছিল অতি মধুৰ। জীৱনৰ অন্তিমক্ষণত ৰোগশয্যাত থাকিলেও
বিদ্যালয়খনক যেন এৰিব পৰা নাছিল। সেয়ে বিদ্যালয়ৰ বতৰা নিতৌ জানিব
বিচাৰিছিল। ১৯৯৮ চনৰ ১ আগষ্টৰ দিনা সকলোকে কন্দুৱাই বৈশ্য ছাৰৰ
দেহাৱসান ঘটে। সুযোগ্যা পত্নী তথা সন্তানৰ প্ৰচেষ্টাত প্ৰয়াত বৈশ্য ছাৰৰ