পৃষ্ঠা:শিল্পীপ্ৰাণ উমেশ বৈশ্য.pdf/৯৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯৫
উমেশ বৈশ্যৰ স্মৃতিচাৰণ


আঁকোৱালি লোৱা বৈশ্য ডাঙৰীয়াই শিক্ষক হিচাপে সম্পূৰ্ণ জীৱন কটাবলৈ নাপালে। অৱসৰৰ বাবে আৰু কিছু বছৰ থকা অৱস্থাৰেই উমেশ বৈশ্য ডাঙৰীয়াই জীৱন গতি সমাপ্ত কৰিবলগীয়া হ’ল। দীৰ্ঘদিন বহুমূত্ৰ ৰোগত আক্ৰান্ত বৈশ্য ডাঙৰীয়াই শেষত চকুৰ অসুস্থতা আৰু কিডনিৰ অসুখত ভুগি মৃত্যুক সাৱটি ল'ব লগা হয়।

 এয়েই মানুহৰ জীৱন। পৃথিৱী এখন নাটঘৰ কিন্তু এই নাটঘৰৰূপী পৃথিৱীত মানুহৰ জীৱন অস্থায়ী হলেও মানুহৰ গুণশীল কৰ্মই মানুহক জীয়াই ৰাখে তেওঁৰ উত্তৰসুৰী লোকৰ মাজত। আজি বৈশ্য ডাঙৰীয়া আমাৰ মাজত নাথাকিলেও বিভিন্ন বিদ্যালয়ত শিক্ষকতা কৰ্মৰ জৰিয়তে তেওঁ তেওঁৰ শিষ্য আৰু সহকৰ্মীৰ মাজত জীয়াই আছে। তেওঁৰ সুযোগ্যা পত্নী, চাৰিটি পুত্ৰই দেউতাকৰ স্মৃতি যুগমীয়া কৰিবলৈ প্ৰয়াস কৰিছে তেওঁৰ নামেৰে স্মৃতিগ্ৰন্থ প্ৰকাশ কৰিবলৈ। প্ৰয়াত যোগ্য বৈশ্যৰ যোগ্যা পত্নী আৰু পুত্ৰৰ কাম নিশ্চয় প্ৰশংসনীয়। পিতৃৰ আত্মাই চিৰশান্তিত থাকে যেতিয়া তেওঁৰ পুত্ৰ-পুত্ৰীয়ে পৃথিৱীত সজ কৰ্মৰে জীৱন অতিবাহিত কৰি সমাজলৈ বৰঙনি আগবঢ়ায়।

 বৈশ্য ডাঙৰীয়াৰ আত্মাই চিৰশান্তি লাভ কৰক; পুত্ৰসকলৰ সজ কৰ্মই মানুহৰ হিতসাধন কৰক আৰু ভগৱন্তই তেওঁলোকৰ সৰ্বতোপ্ৰকাৰ মংগল কৰক। (লেখিকা কামৰূপ জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক।) (এই লেখাটোৰ ৰচনাকাল ২০১০ ইং)