পৃষ্ঠা:শিল্পীপ্ৰাণ উমেশ বৈশ্য.pdf/২৬৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৬৯
উমেশ বৈশ্যৰ সৃষ্টি কৰ্মৰ মূল্যায়ন


হৈ দুখত কান্দি থকা মনৰ অভিব্যক্তি ঘটাবলৈ বৈশ্যই গালে-

আমাৰ শ্ৰম দেখো ঘাম হৈ সৰে
বুকুৰ তেজ দেখোঁ পানী হৈ পৰে
তথাপি নুগুচে ভোগ আমাৰ পেটৰ
কৰোঁ মাথো সংগ্ৰাম জীৱন মৰণ।

 আকৌ ধনীশ্ৰেণীৰ শোষণত ৰিক্ত ডোকাতুৰ শ্ৰমজীৱীৰ জীৱন- যাতনাত সহমৰ্মী বৈশ্যই গাইছে—

সৌ চোৱা জিলিকে বিলাস ভৱন
তিল তিল তিল কৰি ৰক্তপোষণ
তোমাৰ দেহৰ আমাৰ দেহৰ
সহস্ৰ বনুৱাৰ কোমল দেহৰ
কিয় বাৰু বুজা নাই ক্ষুধাৰ্ত জনতা
এতিয়াও কিয় হোৱা নাই সচেতন?

 আন্দোলন, আন্দোলন খেল খেলোতা পুঁজিবাদৰ দালাল তথাকথিত শ্ৰমিক আৰু কৃষক নেতাসকলৰ সুবিধাবাদী চৰিত্ৰৰ ছবি দাঙি ধৰিবলৈ তেওঁ গালে-

আজি গণতন্ত্ৰতো দেখোঁ একেই বিচাৰ
সৰু বৰ জাত পাত শ্ৰমৰ বিভাগ
শ্ৰম মৰ্যাদাৰ যিয়ে গান গায়
সিয়ে দেখোন শ্ৰমিক দিয়ে লঠিয়াই,
শ্ৰমিক ভাতৃ বুলি সাবটিবলৈ
অভিজাতে বৰ লাজ পায়।

 শিক্ষাৰ অৱক্ষয় আৰু বিচাৰৰ প্ৰহসনেও বৈশ্যক বাৰুকৈ চিন্তিত কৰি তুলিছিল আৰু সেয়ে তেওঁ গাইছে—

বন্ধ্যা শিক্ষাই নধৰে ফল
ফলহীন শিক্ষাত জীৱন অচল
অন্যায় বৃষ্টিৰ নামিল প্লাৱন
কৰিলে সমাজে তাত অৱগাহন
সেয়েহে নাপাওঁ আমি কতো সুবিচাৰ
ন্যায় বিচাৰি আজি লাগিছে ভাগৰ।