বিনোদনৰ পৰা বাদ পৰা নাছিল।
লতা মংগেশকাৰ, মহম্মদ ৰফী, মুকেশ, কিশোৰ কুমাৰৰ ‘প্লেবেক ছং’ বাটে-পথে, ঘৰত আনকি শ্ৰেণী কোঠাতো সখাক গাবলৈ দি মুগ্ধ হৈ শুনিছিলোঁ। সেই সময়ত মুকলি মঞ্চত বিভিন্ন অপেৰাই কৰা নাট্যাভিনয়বোৰ চাবলৈ বহু দূৰ ঠাইলৈও দুয়ো একেলগে গৈছিলোঁ। বুৰঞ্জীমূলক, ধৰ্মমূলক আদি নাটকৰ সংলাপবোৰ বিশিষ্ট মঞ্চ শিল্পীৰ উদাত্ত কণ্ঠত যেতিয়া উদ্ভাষি উঠিছিল, নৃত্যশিল্পী আৰু অনবদ্য সংগীতৰ তালে তালে বাদকসকলৰ সুৰ সমলয়ে যেতিয়া শীতৰ নিশা অপূৰ্ব আলোড়ন তুলিছিল, আমি তন্ময় হৈ উপভোগ কৰিছিলোঁ। টোপনি নধৰিবৰ বাবে লগত পানীৰ বটল, ভোকত খাবলৈ পিঠা-লাৰুৰ টোপোলা লগত ৰাখি ওৰে ৰাতি নাট্যাভিনয় উপভোগ কৰিছিলোঁ। ৰাসযাত্ৰাৰ সময়ত একেৰাহে তিনি-চাৰি নিশা যাত্ৰাভিনয় উপভোগ কৰাটো আমাৰ বৰ আনন্দৰ বিষয় আছিল।
চিনেমা চাবলৈ পইচাৰ অভাৱ আছিল; কিন্তু ভাল ছবিবোৰৰ এখনো বাদ পৰা নাছিল। সংগীত শিক্ষক জমিৰুদ্দিন ছাৰৰ কৃপাত চিনেমা হলৰ দুৱাৰ আমাৰ বাবে মুক্ত আছিল। স্পেচিয়েল ক্লাছৰ গেটকীপাৰজন আমাৰ বাবে দয়াৰ সাগৰ আছিল। সখাই তাক ভালকৈ মেনেজ কৰিছিল। আমি ছেগ চাই অপেক্ষা কৰি থাকিছিলো। সুবিধা মিলিলে ইংগিত দি আমাক স্পেচিয়েল ক্লাচৰ দুৱাৰৰ ফাকেৰে ভিতৰলৈ ঠেলি দিছিল। চিট খালী নাথাকিলে দৰ্শকৰ ভিৰ কমাৰ বাবে তিনি-চাৰি দিনমান অপেক্ষাও কৰিব লগা হৈছিল। কেতিয়াবা চেকেণ্ড শ্বলৈও খাপ পিটি ৰৈ থাকিব লাগিছিল। সেইবাবে ঘৰলৈ ঘূৰোতে ৰাতি এঘাৰবাৰ বাজি যোৱাটো এটা নিত্য নৈমিত্তিক কামত পৰিণত হৈছিল। তাৰ বাবে অভিভাৱকৰ ভৎৰ্সনা, গালি-শপনি প্ৰাপ্য আছিল যদিও আমাৰ স্বভাৱৰ পৰিৱৰ্তন হোৱা নাছিল।
এইদৰে শৈশৱ যৌৱনৰ দুয়োৰে জীৱন যাত্ৰাত বহু ঘটনাই জড়িত হৈ আছে। সেইবোৰ স্মৃতিৰ সঁফুৰাত ভৰি আছে; দৈনন্দিন জীৱনৰ নিৰস মুহূৰ্তত মন দাপোনত কেতিয়াবা সেইবোৰে ভুমুকি মাৰি গুছি যায়।
১৯৬২ চনৰ আই এছ ছি ফাইনেল পৰীক্ষাৰ ফলাফল সন্তোষজনক নহ’ল। দ্বিতীয় বিভাগ পালোঁ। সকলো বিষয়তে সমান নম্বৰ অৰ্জনৰ দম্ভ কেনিবা উৰি গ’ল। কেমেষ্ট্ৰিত কিবাকৈ পাছ নম্বৰটোহে পালোঁ, যাৰ বাবে প্ৰথম বিভাগ লাভ কৰা সম্ভৱ নহ’ল। সখাৰ ৰিজাল্টো ভাল বুলি ক’ব পৰা