পৃষ্ঠা:শিল্পীপ্ৰাণ উমেশ বৈশ্য.pdf/৩৬০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৭০
সোঁৱৰণীৰ অলেখ ভাষা শিল্পীপ্ৰাণ প্ৰয়াত উমেশ বৈশ্য

দত্তয়ো একেলগে লাইট ক্লাচিকেল আদিৰ কাৰণে তেখেতক গুৰু মানিলে। আমি বছৰত দুবাৰকৈ আহিম বুলি প্ৰতিশ্ৰুতি দিছোঁ। লক্ষৌৰ আসাম মেছত এৰাতি আমি গীত গাইছোঁ। ৰাতি প্ৰীতি ভোজনেৰে আমি অনুষ্ঠান সামৰিছোঁ। আৰু বহু লিখিবলগীয়া আছে। পিছত লিখিম। আকৌ মৰম লবা। নিতুলহঁতক ভালদৰে চাবা। মা-দেউতাক শ্ৰদ্ধা কৰিবা। ইতি- তোমাৰ—

শ্ৰী উমেশ বৈশ্য