পৃষ্ঠা:শিল্পীপ্ৰাণ উমেশ বৈশ্য.pdf/৩১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩১৬
৩২৫
সৃষ্টিৰ মাধুৰী : কৃষ্টিৰ হেঙুল


সমবেত সংগীত

কথা, সুৰ আৰু স্বৰলিপি
উমেশ বৈশ্য, অধ্যক্ষ
বাণীকান্ত সোঁৱৰণী বালিকা উঃ মাঃ বিঃ

[ তাল কাহাৰবা। মাত্রা ৮। ১ম মাত্ৰাত সম। ৫ম মাত্ৰাত খালী। গীতটোৰ কথা অংশৰহে স্বৰলিপি কৰা হ’ল। মাজে মাজে বাজিব লগা সঙ্গীতাংশৰ স্বৰলিপি কৰা নহ'ল। গীতটোৰ ৰস ভঙ্গ নােহােৱাকৈ মাজে মাজে বাদ্যসঙ্গীত বাজিব। এই বাদ্য সঙ্গীত ৰচনা কৰিবলৈ শিল্পীসকলক স্বাধীনতা দিয়া হ'ল।]

হে ধুমুহা, হে পচোৱা, বৰদৈছিলা, তুমি আহা
তুমি আহা আহা আহা ......
অসমীৰ চোতালত বিহগছ গজিছে
ভাঙি ছিঙি উৰুৱাই নিয়া নিয়া
হে ধুমুহা, হে পচোৱা, বৰদৈছিলা, তুমি আহা
তুমি আহা আহা আহা ॥
 ০০০
বিষবৃক্ষ ছায়াত অমানুহ বাঢ়িছে
চলেৰে অমানুহ শিখৰত বহিছে
অজ্ঞৰ আদেশত বিজ্ঞ চলিছে
অজ্ঞৰ দম্ভই ধ্বংস কৰিলে
জ্ঞানৰ পৱিত্ৰ বিশালতা
শেষ হ’ল মানুহৰ মানৱতা৷৷
 ০০০
জ্ঞান বিজ্ঞান কলাকৃষ্টি
সাহিত্য সঙ্গীত সংস্কৃতি
য'ত জীপ লৈ সাজিকাছি উঠে জিলিকি