বৈশ্যই টিউচনৰ পৰা আহিও আকৌ আমাক পঢ়াবলৈ লয়। টিউচনৰ পৰা
আহি আমাক পঢ়ি থকা অৱস্থাতে দেখা পাব লাগিব। গতিকে আমিও পঢ়ি
থাকে।
এদিনাখনৰ কথা। ৰমেশে ক'লে— ‘বৌ, দাদা আহিলে মোক মাতি দিবা, মই শুই লওঁ। মই ক'লো— ‘দাদাৰা কেতিয়া আহিব মই কেনেকৈ জানিম?’ ‘তুমি কাণ উনাই থাকিবা, দাদাই ৰাগ টানি টানি আহিব, তুমি দূৰৈৰ পৰাই শুনিবা। সঁচাকৈয়ে বৈশ্যই মালকোষ ৰাগ টানি টানি আহি আছে। দাদাক আহি ঘৰ পোৱাৰ পূৰ্বে ৰমেশে আঠুৱাৰ ভিতৰতে পঢ়িবলৈ ল'লে, টেবুলতে টোপনীয়াই থকা অতুলেও পঢ়া আৰম্ভ কৰি দিলে।
অন্য এদিনৰ কথা। মই মিনতি শৰ্মা বাইদেউৰ ঘৰলৈ গৈছিলো। কথা প্ৰসংগত বৈশ্যৰ কথা ওলোৱাত বাইদেউৰ স্বামী প্ৰয়াত কিৰণ শৰ্মাই কৈছিল— ‘আমি তেতিয়া বিৰুবাৰী পোষ্ট অফিচৰ কোৱাৰ্টাৰত আছিলোঁ। প্ৰায়ে নিশা বৈশ্য ৰাস্তাৰে গ'লে গম পাওঁ সেয়া বৈশ্য, ৰাগ টানি টানি আহিছে।
মাজে সময়ে তানপুৰাত মোক আঙুলি বুলাবলৈ দি নিজে হাৰমনিয়ামটো লৈ শাস্ত্ৰীয় সঙ্গীত ৰেৱাজ কৰিবলৈ লৈছিল। উচ্চাঙ্গ সঙ্গীত সম্বন্ধে মোৰ একো ধাৰণা নাছিল। বিয়াৰ আগতে ৰেডিঅ'ত ৰাগ-গজল আদি শাস্ত্ৰীয় সঙ্গীত বাজিলেই ৰেডিঅ’টো বন্ধ কৰি দিছিলো; কিন্তু বৈশ্যৰ সান্নিধ্যত ইংৰাজী গ্ৰামাৰৰ প্ৰতি থকা ভয় আঁতৰাৰ দৰে শাস্ত্ৰীয় সঙ্গীতৰ প্ৰতি থকা ভাব ধাৰণাও সলনি হ'ল।
প্ৰতি ৰবিবাৰে আমাৰ বিৰুবাৰীৰ ঘৰত এখন গানৰ স্কুল চলিছিল। স্কুলখনৰ নাম আছিল ‘জীৱনজ্যোতি সংগীতাশ্ৰম। বহু ল'ৰা-ছোৱালীয়ে তেখেতৰ ওচৰত গানৰ শিক্ষা ল’বলৈ আহে। ভায়েক অতুলে তবলা শিকায়। দেখিছিলোঁ—এগৰাকী প্ৰাক্তন ছাত্ৰীয়ে জীয়েকক গান শিকাবলৈ আনি নিজেও সঙ্গীত শিক্ষা ল’বলৈ ধৰিলে।
বিশাল প্ৰজ্ঞা আৰু সাংস্কৃতিক মনৰ অধিকাৰী প্ৰয়াত বৈশ্যই ঘৰৰ আটাইকে সকলো দিশতে আগবঢ়াই নিব বিচাৰিছিল। ঘৰতে ‘জীৱনজ্যোতি সঙ্গীতাশ্ৰম’ নামেৰে গানৰ অনুষ্ঠানটি খুলি সমাজৰ আন ল'ৰা-ছোৱালীকো সাংস্কৃতিক জগতখনত আগবঢ়াই নিয়াৰ প্ৰচেষ্টা চলাইছিল। তেখেতে চিন্তা কৰিছিল নিজে শিক্ষকতা কৰা স্কুলখনৰ কেনেকৈ উন্নতি সাধন কৰিব পাৰি। প্ৰয়াত বৈশ্য নিজ কৰ্তব্যৰ প্ৰতি অতি সজাগ আছিল। চিন্তা কৰিছিল স্কুলখনৰ