পৃষ্ঠা:শিল্পীপ্ৰাণ উমেশ বৈশ্য.pdf/৩২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৩৭
সৃষ্টিৰ মাধুৰীঃ কৃষ্টিৰ হেঙুল

 ইতিমধ্যে আন এটা মৰ্মন্তুদ ঘটনা ঘটিল। ভুৱনেশ্বৰী দেৱী প্ৰধান শিক্ষয়িত্ৰী হোৱাৰ প্ৰায় লগে লগে ১৯৭০ চনতে অতি কষ্টেৰে সজ্জিত টাইল আৰু খেৰৰ বিদ্যালয় গৃহটোত ৰাতি কোনো দুৰ্বৃত্তই অগ্নিসংযোগ কৰাত সি ভস্মীভূত হৈ যায়। পিছদিনাখনৰ বিদ্যালয়ৰ বাৰ্ষিক অধিবেশন উপলক্ষে সজোৱা ৰঙ্গমঞ্চ, তাত থকা হাৰমনিয়াম, তানপুৰা আদি বাদ্যযন্ত্ৰকে ধৰি সকলোবোৰ সামগ্ৰী অগ্নিগৰ্ভত বিলীন হৈ যায়।

 ভস্মীভূত হোৱাৰ পিছদিনা ৰাতিপুৱা জুই ধোঁৱা ছাইৰ কাষত থিয়হৈ কেৱল আমি চকুলো টুকিছিলোঁ। নিৰুপায় হৈ জ্বালাময় অন্তৰেৰে ৰিহাবাৰীৰ নামঘৰত আমি বাৰ্ষিক অধিবেশন পাতিছিলেগৈ। তাৰ পিছত এই বিদ্যালয় গৃহহাৰা হৈ পুনৰ জন্মস্থানলৈ উভতিব লগা হ'ল।

 এইবাৰ আৰ্য্য বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰে ভনী অনুষ্ঠান আৰ্যY বিদ্যাপীঠ কলেজৰ দুটা ঘৰত বিদ্যালয়খনে কলেজৰ অধ্যক্ষ শ্ৰীযুত গিৰিধৰ শৰ্মাদেৱৰ অনুগ্ৰহধন্য হৈ আশ্ৰয় ল’লেগৈ।

 ইতিমধ্যে কোনো কাৰণবশতঃ ১৯৬৬ চনত যোগদান কৰা কাৰ্যালয় সহায়ক শ্ৰীগিৰীন্দ্ৰ নাথ শৰ্মা ১৯৬৭ চনৰ আগষ্ট মাহত বিদ্যালয় এৰি গুচি যায়। ১৯৬৮ চনত কাৰ্যালয় সহায়ক হিচাপে যোগদান কৰে শ্ৰীভৱানী শৰ্মাই। ঘৰ পোৰা সংক্ৰান্ততেই হওক বা অন্যান্য নানা কাৰণতেই হওক অশান্তি পাই চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰী শ্ৰীসুৰেন দাস আৰু কাৰ্যালয় সহায়ক শ্ৰীভৱানী শৰ্মা বিদ্যালয় পৰিত্যাগ কৰি গুচি যায়।

 ঘৰ পোৰাৰ পিছত ১৯৭০ চনতে চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰী হিচাপে আহে শ্ৰীবৃত্তিৰাম কলিতা আৰু কাৰ্যালয় সহায়ক হিচাপে আহে শ্ৰীযোগেন পাঠক। আৰ্য্য বিদ্যাপীঠ কলেজ গৃহত বিদ্যালয় চলি থকা সময়ত এই দুয়োজনকে আমি কৰ্মচাৰী হিচাপে পাওঁ।

 ইতিমধ্যে কাৰ্যকৰী কমিটিৰ তৎপৰতাত পুৰি যোৱা ঘৰৰ ভেটিতেই ৰাইজৰ দান-বৰঙণিৰে আৰু সেই সময়ৰ ডি.পি.আই. শ্ৰীযুত উমাকান্ত শৰ্মা মহোদয়ে আগবঢ়োৱা ১৫০০০.০০ টকাৰ চৰকাৰী সাহায্যেৰে পকী মজিয়া আৰু ইটাৰ বেৰেৰে সৈতে অসম টাইপৰ এছবেষ্টচৰ ঘৰ এটা নিৰ্মাণ হৈ উঠিল। শ্ৰীযুত প্ৰসাদ দাসে আগবঢ়োৱা দান ৫০০০,০০ টকাৰে তেওঁৰ নামতে বিদ্যালয়ৰ এটা কোঠা নিৰ্মিত হ’ল। গৃহ পুনৰ নিৰ্মাণৰ ক্ষেত্ৰত উল্লেখযোগ্য সহায়-সহযোগ, বৰঙনি আগবঢ়াইছিল কমিটিৰ সম্পাদক শ্ৰীবিনয়ভূষণ চৌধুৰী,