অংক, পদাৰ্থ, ৰসায়ন বিজ্ঞান আৰু উচ্চ গণিতেৰে সামৰা বিভাগটোত ছাত্ৰই
সকাহ পাব পৰা আন কোনো বিষয় অন্তৰ্ভূক্ত কৰা হোৱা নাছিল। কিতাপ-পত্ৰ
সংগ্ৰহ কৰিব নোৱাৰা আমাৰ দৰে অভাৱগ্ৰস্ত ছাত্ৰৰ বাবে বিজ্ঞান বিষয়টো বৰ
জটিল হৈ ভুমুকি মাৰিলে। বিশেষকৈ ৰসায়ন বিজ্ঞানৰ শিক্ষক আৰু আৱশ্যকীয়
সা-সঁজুলিৰ অভাৱত বিষয়টো আমাৰ বাবে বৰ জটিল যেন অনুভৱ হ'ল।
ফাইনেল পৰীক্ষাত কেমিষ্ট্ৰিৰ পেপাৰ বৰ বেয়া হ’ল, যাৰ বাবে দুয়ো প্ৰেকটিকেল
পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ পৰা বিৰত থাকিলোঁ। পিছদিনা অধ্যক্ষ মাননীয়
ত্ৰৈলোক্য গোস্বামী ছাৰে দুয়োকে তলব কৰি নি মাত্ৰ এষাৰ কটুক্তি কৰিলে
‘দুয়ো জিনিয়াসে আই এছ চি ড্ৰপ দিলা’।
আই এছ চি পৰীক্ষাৰ সেই ব্যৰ্থতাই মনত বৰ কষ্ট দিছিল। আমাৰ প্ৰতি অভিভাৱক আৰু আন সকলো শুভাকাংক্ষীৰ যি ধাৰণা উপজিল, সেইবোৰ বৰ অসহনীয় হৈ উঠিছিল। বিফলতাৰ অভিজ্ঞতাৰে ভগা বীণৰ সুৰ নামেৰে এখন নাটক কম দিনৰ ভিতৰতে লিখি উলিয়ালোঁ।
নাটকখন যাতে মঞ্চস্থ কৰি দৰ্শকক দেখুৱাব পাৰোঁ, তাৰ বাবে দুয়ো চেষ্টাত লাগিলোঁ। কলেজৰ চিনিয়ৰ বন্ধু কেইজনমানৰ পৰা এই সংক্ৰান্তত কিছু সুপৰামৰ্শও পালোঁ। সখাৰ গীতশ্ৰী বিদ্যালয়ৰ বন্ধুবৰ্গ আৰু জমিৰুদ্দিন আহমেদ ছাৰৰ উৎসাহ পৰামৰ্শও আমাৰ বাবে ভাল সমল হ’ল। পিছে অভিজ্ঞ লোকৰ মতামত পৰামৰ্শ বিচাৰি সখাই নাটকখন কাৰোবাক দিয়াৰ তিনি-চাৰি মাহৰ পিছতো নাটকখন ঘূৰি নাহিল। কাৰ কৃপাত আমাৰ সেই উদ্যম অথলে গ’ল আজিও সেই কথা অজ্ঞাত হৈ ৰৈছে।
ষষ্ঠ শ্ৰেণীত পঢ়ি থকা অৱস্থাতে দুয়ো মিলি ‘ফুলকলি’ নামেৰে হাতে লিখা আলোচনী এখন উলিয়াইছিলোঁ। তাৰে দুটা সংখ্যা সেই বছৰতে উলিয়াবলৈ সক্ষম হৈছিলোঁ। ছাত্ৰ-শিক্ষক আৰু বিশিষ্টজনৰ পৰা আলোচনীখনে সমাদৰো পাইছিল, আমি প্ৰশংসা ধন্য হ’ব পাৰিছিলোঁ। কিন্তু ফুলকলিৰ দুয়োটা সংখ্যাই কোনো অজ্ঞাত দুষ্টৰ হাতত পৰি বিনষ্ট হৈছিল। এইদৰে দুয়োটা প্ৰচেষ্টা কলিতে বিনষ্ট হোৱা কাৰ্যত মই বৰ দুখ পাইছিলোঁ আৰু তাৰ বাবে সখাকে জগৰীয়া কৰি ৰোষ জাৰিছিলোঁ। তাকে লৈ কিছুদিনৰ বাবে আমাৰ মনোমালিন্যও ঘটিছিল। এতিয়া ভাবিলে অসন্তোষ হয়, সখাৰ দোষ নাছিল। তেওঁৰ সৰলতাৰ সুযোগ লৈ কোনোবা দুষ্ট ঈৰ্ষাকাতৰ লোকে আমাৰ অনিষ্ট সাধন কাৰ্যৰ চেষ্টা কৰিছিল।