পৃষ্ঠা:শিল্পীপ্ৰাণ উমেশ বৈশ্য.pdf/১৩৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৪০
১৩৯
সোঁৱৰণীৰ অলেখ ভাষা শিল্পীপ্ৰাণ প্ৰয়াত উমেশ বৈশ্য


মোৰ অতি শ্ৰদ্ধাৰ দাদাৰ স্মৃতিত

ৰমেশ বৈশ্য

হেঙেৰাবাৰী, গুৱাহাটী

 মৃত্যু চিৰন্তন সত্য হলেও কিছুমান মৃত্যুক সহজে পাহৰিব নোৱাৰি। সেয়েহে মহাভাৰতত পোৱা শাশ্বত কথাষাৰৰ দৰেই—

 মাতুলোযস্য গোৱিন্দ পিতাযস্য ধনঞ্জয়।
 শোভিমন্যঃ বিনশ্যতে নিয়তিকেন বাধ্যতেঃ॥

 সময় হলে সকলোৱেই এদিন যাবই লাগিব। নিয়তিক কোনেও ৰোধিব নোৱাৰে। সেয়েহে বোধহয় নিয়তিৰ বিধি মানি যোৱা ১/৮/১৯৯৮ ইং তাৰিখে মোৰ অতি শ্ৰদ্ধাৰ দাদা স্বৰ্গগামী হৈছিল। স্বৰ্গীয় উমেশ বৈশ্যদেৱ মোৰ সহোদৰ দাদা আছিল। যিজন আছিল অকল মোৰেইনহয়, আমাৰ আটাইকেইজন ভাইৰ পিতৃতুল্য। সৰুকালৰ পৰাই সন্মুখীন হোৱা বিভিন্ন পাৰিবাৰিক সমস্যা আৰু বাধাক প্ৰত্যাহ্বান হিচাপে গ্ৰহণ কৰি গভীৰ আত্মবিশ্বাস, একাগ্ৰতা আৰু কঠোৰ সাধনাৰে জীৱনটোক সম্পূৰ্ণ আৰু সফল কৰি তোলা সেই দৃঢ়মনা ব্যক্তিয়ে আছিল আমাৰ ঘৰৰ আটাইৰে মৰমৰ আদৰ্শ পুৰুষ স্বৰ্গীয় উমেশ বৈশ্য। তেওঁ আমাৰ আটাইকেইজন ভাই-ভনীৰ প্ৰতি কৰা কাম-কাজতেই আমি অনুভৱ কৰিছিলো এজন পিতৃতুল্য অভিভাৱক বুলি। তেওঁ আমাৰ ভাই কেইজনৰ উন্নতিৰ হকে কি যে যত্ন কৰা নাই। শিক্ষাৰ ক্ষেত্ৰত, গান-বাজনাৰ ক্ষেত্ৰত, বিশেষভাৱে আমাৰ স্বৰ্গীয় পিতৃ বন্তিৰাম বৈশ্যই কৰিবলগীয়া সকলো দায়িত্ব তেৱেঁই পালন কৰিছিল। আমাৰ ঘৰ আছিল নলবাৰী জিলাৰ বালিলেছা গাঁৱত। আজি এনেহেন এখন গাঁৱৰ এটা দুখীয়া পৰিয়ালৰ পৰা গুৱাহাটীবাসী হৈ অলপ উন্নতিৰ পোহৰ দেখাৰ সপোেন আমাক দাদাই দিনে-নিশাই দিছিল। আজি মই দাদাৰ আদৰ্শৰ প্ৰেৰণা লৈয়েই জীয়াই থাকিব পাৰিছো বুলি ভাব হয়। তেওঁৰ ভাতৃপ্ৰেম আছিল অতুলনীয়। অইন মানুহে তেওঁৰ ভাতৃ প্ৰেমৰ নমুনাৰ কথা শুনিলে বিশ্বাস কৰিবই টান পাব।