পৃষ্ঠা:শিল্পীপ্ৰাণ উমেশ বৈশ্য.pdf/২৭৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৭৮
সোঁৱৰণীৰ অলেখ ভাষা শিল্পীপ্ৰাণ প্ৰয়াত উমেশ বৈশ্য

পৰৱৰ্তী সময়ত জ্যোতি-বিষ্ণু-ভূপেনে বহু প্ৰয়াস কৰিলে। ভাৰতীয় ধ্ৰুপদী জগতত অসমে আজি কিঞ্চিৎ স্থান কৰি ল'বলৈ সক্ষম হৈছে। উমেশ চন্দ্ৰ বৈশ্য অসমৰ লাখ লাখ সংগীতপ্ৰেমীৰ মাজৰে এজন। এই সংগীতপ্ৰেমী সমাজখনৰ দুখ-যাতনাৰ ছবিখন তেখেতে বহু কষ্ট কৰি সমাজৰ আগত তুলি ধৰাৰ চেষ্টা কৰি গৈছিল। কিন্তু উপযুক্ত সঁহাৰি সমৰ্থনহে নাপালে। অসমৰ ধ্ৰুপদী প্ৰতিষ্ঠাৰ এক আন্দোলন কেৱল অন্তসলিলা ৰূপতেই ৰৈ গ'ল, নদীৰূপত ধৰাপৃষ্ঠত ভাহি নাহিলেই।

 প্ৰয়াত বৈশ্য কেবল এজন সঙ্গীত সাধকেই আছিল এনে নহয়। প্ৰচলিত শিক্ষা সংস্কাৰৰ প্ৰতিও তেখেতৰ আছিল এক বলিষ্ঠ কণ্ঠ। ব্যক্তিগত জীৱনত এজন সফল শিক্ষক আছিল বাবেই প্ৰচলিত শিক্ষা ব্যৱস্থাৰ কেৰোণবোৰ অতি সহজেই তেখেতে চিহ্নিত কৰিবলৈ সক্ষম হৈছিল আৰু শিক্ষা জগতখনক সামন্তীয় নাগপাশৰ পৰা মুক্তি দিয়াবলৈ যতপৰোনাস্তি প্ৰয়াস কৰি গৈছিল।

 বিমূৰ্ত বিমৰ্শতাই আমাৰ সমাজক যেতিয়াই ছানি ধৰে তেতিয়াই তাৰ পৰা মুক্তিৰ এক অন্যতম পথ হ’ল সঙ্গীত। শুদ্ধ মাধুৰ্যমণ্ডিত সঙ্গীতে সমস্ত জীৱনক সদায়ে প্ৰাণৱন্ত কৰি ৰখাত সহায় কৰে। প্ৰয়াত বৈশ্যৰ এই অনুভৱক আমি শ্ৰদ্ধাৰে স্মৰণ কৰো। প্ৰাদপ্ৰদীপৰ এন্ধাৰতেই থাকে পোহৰৰ তেলৰ যোগনীয়াসকল। সেই লাখ কৌটিৰ এজন প্ৰয়াত বৈশ্যৰ সমাজক পোহৰাই তোলাৰ প্ৰয়াসক আমি নমস্কাৰ জনালো।

 নিবিড় পৰ্যবেক্ষণ আৰু তাৰ ব্যাখ্যাত মৰমসনা বৰ্ণনা খুব কমলোকৰ দ্বাৰাই সম্ভৱ হয়। কিন্তু প্ৰয়াত বৈশ্যৰ কাপেৰে অসাধাৰণ কিছু দৃশ্যপট উদ্ভাষিত হোৱাটো দেখা যায়। জাতীয়তাবাদ মানে যে আন জাতিক ঘিণ কৰাটো নুবুজায় বা অন্য প্ৰতিদ্বন্দ্বী জাতিৰ পৰাও যে শিকিবলগীয়াখিনি গ্ৰহণ কৰিব পাৰি তাৰ উমান আমি বৈশ্যৰ লিখনিৰ ছত্ৰে ছত্ৰে লাভ কৰো।

 প্ৰয়াত বৈশ্যৰ ছত্ৰছায়াত লালিত-পালিত হোৱা তেখেতৰ চাৰিটা ৰত্নৰ এজন শ্ৰীমান ড° শেখৰ জ্যোতি বৰ্তমানে বিশ্বনাথ জিলাৰ বিহালীৰ পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয়ত কৰ্মৰত হোৱা সূত্ৰে আমাৰ সৈতে আলাপ হোৱাৰ সুযোগ হয়। পিতৃৰ লেখনিসমূহক তেখেতে এক আপুৰুগীয়া সম্পদ হিচাপে বুকুৰ উমত সযতনে ৰক্ষা কৰি আহিছে। সম্প্ৰতি এইবোৰ মুক্ত পাঠক বিহঙ্গমৰ মেলাত এৰি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰি দৃঢ়তাৰে আগবাঢ়ি গৈ আছে। প্ৰয়াত পিতৃক এনে যতনেৰে শ্ৰদ্ধা নিবেদনৰ এই প্ৰয়াস আকুণ্ঠ