‘স্মৃতিকাতৰতা’ⵓ প্ৰয়াত উমেশ বৈশ্য
ৰুমী নায়ক
নলবাৰী
মৃত্যু এক চিৰসত্য - কিন্তু কোনোজনৰ মৃত্যুৱে দেশ, সমাজৰ, অনেক
ক্ষতি কৰি, এটা বৃহৎ বেহুক শূন্যতাৰে আৱৰি ধৰে। সেই শূন্যতা পূৰ্ণ হয়
জানো?
শ্ৰদ্ধাৰ উমেশ বৈশ্য ছাৰ - ৰিণি ৰিণি মনত পৰে। অতি সাধাৰণ বেশ-
ভূষা, কিন্তু মুখমণ্ডলত সকলো সময়তে শব্দ-সুৰৰ মূৰ্ছাৰে তৃপ্ত, সমাজ-
সংস্কাৰৰ ধ্বজাবাহক উন্মক্ত সেৱক। সৰ্বগুণৰ অধিকাৰী অগাধ পাণ্ডিত্যৰে
ভৰা বৈশ্য ছাৰক মোৰ জীৱনৰ কেইটামান বছৰহে পাইছিলো। বাণীকান্ত
মেমোৰিয়েল উচ্চ মাধ্যমিক বিদ্যালয়ত পঢ়ি থকা অৱস্থাত বৈশ্য ছাৰক অসমীয়া
বিষয়ৰ শিক্ষক হিচাবে পাইছিলো। আমি ছাত্ৰীসকলে তেওঁক যথেষ্ট সন্মান
আৰু ভয়ো কৰিছিলো। তেওঁ অলপ আন শিক্ষকৰ তুলনাত ব্যতিক্ৰম আছিল।
বিদ্যালয়ৰ প্ৰয়োজনীয় অনুষ্ঠানবোৰৰ সংগীতৰ দায়িত্ব তেওঁৰে আছিল। আমি
গান গোৱা বাবে ছাৰে আমাক মৰম কৰিছিল। মোৰ মাতৃ শিল্পী জয়া দেৱী
শাস্ত্ৰীয় সংগীতৰ গুৰু বীৰেন ফুকন ছাৰৰ ওচৰত একেলগে গান শিকিছিল।
মা আৰু বৈশ্য ছাৰহঁতে সংগীত বিষয়ৰ বিভিন্ন আলোচনা কৰিছিল— আমি
শুনি বৰ আপ্লুত হৈছিলো— একেলগে কেতিয়াবা আমাৰ নিজা ঘৰত সংগীতৰ
চৰ্চা চলিছিল। সেই পৰিবেশ আজি আৰু পোৱা নাযায়। ছাৰৰ তুলনাত বয়সত
বহু সৰু লগতে তেওঁৰ অগাধ পাণ্ডিত্য; আমি দূৰৈৰ পৰাই তেওঁক যথেষ্ট
সমীহ কৰিছিলো। চাকৰি সূত্ৰে মোৰ দেউতা কিছু বছৰ নলবাৰীত থকা বাবে
মই মৰহুম জমিৰুদ্দিন ছাৰৰ তত্ত্বাৱধানত তেওঁ ৰচিত কোৰাছত কণ্ঠদান
কৰিছিলো। গীতশ্ৰী’ৰ মজিয়াত বৈশ্য ছাৰক লগ পাইছিলো— ছাৰহঁত ডাঙৰৰ
শাখাত, আমি সৰু শাখাত বন্দনা বাইদেউ, ফুনু বাইদেউ, নী, অনিমা,
মামন (গীতাঞ্জলী) আদি বহু ছাত্ৰ-ছাত্ৰী। জমিৰুদ্দিন ছাৰে মন-প্ৰাণ ঢালি তেওঁৰ