পৃষ্ঠা:শিল্পীপ্ৰাণ উমেশ বৈশ্য.pdf/২৮১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৮৫
উমেশ বৈশ্যৰ সৃষ্টি কৰ্মৰ মূল্যায়ন


প্ৰয়াত উমেশ বৈশ্যৰ “সুৰ বিচাৰি বাৰ বছৰ”
—এটি পৰ্যালোচনা

ড° অনন্ত মাধৱ দত্ত

 মানুহৰ জীৱনটো অচিৰস্থায়ী। জীৱনত কিবা এটা কৰো বুলি ভবা লোকৰ বাবে সময় বৰ কম। স্বকীয় বৈশিষ্ট্যৰে কৰ্ম, সাধনা আৰু প্ৰচেষ্টাৰে ব্যস্ত। ই স্বাৰ্থ জড়িত কিম্বা নিস্বাৰ্থ। যিয়েই নহওঁক দুয়োবিধ লোকে সমাজৰ উত্তৰণত অৰিহনা যোগায়।

 প্ৰয়াত উমেশ বৈশ্যৰ “সুৰ বিচাৰি বাৰ বছৰ” আমাৰ হাতত পৰাত তেনে এক ধাৰণা হ’ল। ধাৰণা হ’ল যে তেখেতৰ নিঃস্বাৰ্থ দেশপ্ৰেম, সমাজ প্ৰেম আৰু স্বৰ্গীয় আনন্দৰ উমে সংগীত প্ৰেম। কিতাপখন ৬০।৭০ দশকৰ বিভিন্ন সমস্যাৰ ওপৰত যুক্তি তথ্যৰে সমৃদ্ধ ২৩টি প্ৰবন্ধৰে যুগুতাইছে। এজন সচেতন ব্যক্তি হিচাবে প্ৰায় ৬০।৭০ দশকত অসমৰ বিভিন্ন সমস্যা যেনে শিক্ষা পদ্ধতি, দুৰ্নীতি, ভ্ৰষ্টাচাৰ, সাহিত্য চৰ্চাৰ সমস্যা, অসমত শাস্ত্ৰীয় সংগীতৰ অনগ্ৰসৰতা আদিৰ ওপৰত আলোকপাত কৰিছে।

 সেই সময়ৰ আসোঁৱাহপূৰ্ণ শিক্ষা পদ্ধতিৰ পৰিবৰ্তনৰ বাবে তেনেতে “বৰ্তমান শিক্ষা জগত, ‘অন্তঃসাৰ শূন্যঃ বৰ্তমান শিক্ষা জগত’, বৰ্তমান শিক্ষা পদ্ধতিৰ আমূল পৰিবৰ্তনৰ উপায়’ আদি প্ৰবন্ধৰ যোগেদি স্কুলীয়া, কলেজীয়া শিক্ষাৰ আসোঁৱাহ আলোচনা কৰে আৰু চৰকাৰী কৰ্তৃপক্ষৰ এই দিশত প্ৰগতিৰ প্ৰতি হেমাহি উল্লেখ কৰে। শিক্ষাই যে সমাজৰ মূল ধাৰণা, শিক্ষিত নহলে যে সমাজৰ পৰিবৰ্তন অসম্ভৱ তেখেতে উল্লেখ কৰে।

 প্ৰয়াত বৈশ্য এজন আজীৱন শিল্পী-সংগীতানুৰাগী। সংগীতৰ দ্বাৰা জীৱন মধুময় কৰা, সংগীতৰ দ্বাৰা সমাজ সংস্কাৰ কৰাৰ প্ৰয়াসেৰে সমগ্ৰ জীৱন উচৰ্গা কৰে। স্কুলত থাকোতেই গুৰু জমিৰুদ্দিনৰ ওচৰত শাস্ত্ৰীয় সংগীতৰ শিক্ষা আৰম্ভ কৰিলেও পাছলৈ গুৰুৰ অভাৱত সংগীত শিক্ষা আহৰণৰ ক্ষেত্ৰত সমস্যা ভোগ কৰে। সেয়ে তেখেতে “শাস্ত্ৰীয় সংগীত আৰু অসম, অসমত সংগীতৰ