পৃষ্ঠা:শিল্পীপ্ৰাণ উমেশ বৈশ্য.pdf/২৩৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৪ ২
সোঁৱৰণীৰ অলেখ ভাষা শিল্পীপ্ৰাণ প্ৰয়াত উমেশ বৈশ্য

দুবৃত্তৰ অবিবেকী পৰিচালনাত দেশৰ জ্ঞান-বিজ্ঞান, কলা কৃষ্টি, সাহিত্য-সংস্কৃতি আজি মৃত্যুৰ গৰাহত। দেশৰ এই আৱৰ্জনা আঁতৰাই সমাজ তথা দেশখনক ৰক্ষা কৰাৰ বাবে ধুমুহা, পছোৱা, বৰদৈচিলাক গীতিকাৰে আহ্বান জনাইছে— অন্যথাই সমাজত সুন্দৰজনৰ সজ ভাৱনা, সজ চিন্তা জীয়াই নাথাকিব।

  -নহ'লে নাবাচে কলুষ সমাজত
 সুন্দৰ মানুহৰ সৎ ভাৱনা।

 (৭) দেশৰ শত্ৰু বাহিনীৰ অমানৱীয় নীতিয়ে শান্তিময় দেশখনত শান্তি বিনষ্ট কৰি তেজৰ বানৰ সৃষ্টি কৰিছে। সন্তানক হেৰুৱাই দেশমাতৃ ম্ৰিয়মান হৈছে। চাৰিওপিনে ৰণৰ জুই জ্বলি দেশৰ কোমল হিয়া দহিব লাগিছে। বিধ্বংসী এই জুইৰ লেলিহান শিখা ধ্বংস বা নিৰ্বাপিত কৰাৰ বাবে দেশৰ ন- জোৱানসকলক গীতিকাৰে আকুল কণ্ঠে আহবান জনাইছে। (ইয়াত দেশৰ শত্ৰু বুলি কাক নিৰ্দেশ কৰা হৈছে, কোনখন ৰণৰ কথা কৈছে সেয়া স্পষ্ট নহয়।)-

 চৌদিশে জ্বলি ৰণৰ অগণি
 দহিছে দেশৰ কোমল প্ৰাণ
 নুমাব লাগিব লেলিহান শিখা
 জাগাহে দেশৰ ন-জোৱান।

 (৮) অসম মাতৃৰ মুখ আজি কিয় বিষাদ বেজাৰৰ এন্ধাৰভৰা হৈ পৰিছে তাৰ সন্ধানৰ প্ৰয়োজন হৈছে। অসম মাতৃৰ কৰ্ম-বিমুখ, এলে সন্তানসকলৰ বাবে দেশখন জীয়াই থাকিও মৃতপ্ৰায় হ’ব লগা হোৱাত, কু- সন্তানৰ কুকীৰ্তিৰ বাবে দেশমাতৃৰ দুগালেৰে সন্তাপৰ চকুলো বাগৰিছে। দেশ জননীৰ এই বিষন্ন মুখ উজ্বলাই ভোলাৰ বাবে এলাহ আঁতৰাই সজ কৰ্মত ব্ৰতী হ’বলৈ অসমীয়া সকলক গীতিকাৰজনে আহ্বান জনাইছে—

 নিদ্ৰা এৰি উঠা অসমীয়া
  এলাহ আতৰাই
 জিলিকাই তোলা জননীৰ মুখ
  পোহৰ ছটিয়াই...

 (৯) দেশৰ হকে জীৱন উছৰ্গা কৰাৰ পণ লৈ, দেশৰ সজ বীৰপুৰুষ- সকল প্ৰশংসা কৰি, সেই সকলৰ আদৰ্শ শিৰোগত কৰি দেশৰক্ষাৰ বাবে দেশবাসীয়ে সংকল্প গ্ৰহণ কৰিছে। দেশৰ হকে যুঁজাৰ বাবে মৃত্যুৰ ভয় নাই। অতীতৰ বীৰ-বীৰাঙ্গনাৰ আদৰ্শ দেশবাসীৰ সাহসৰ মূলধন