সমললৈ যাওক

পৃষ্ঠা:শিল্পীপ্ৰাণ উমেশ বৈশ্য.pdf/৪৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৫
উমেশ বৈশ্যৰ স্মৃতিচাৰণ


..................
...................
চৌদিশে জ্বলি ৰণৰ অগনি
দহিলে দেশৰ কোমল প্ৰাণ
নুমাব লাগিব লেলিহান শিখা
জাগাহে দেশৰ ন-জোৱান।”

 এই গীতটি আমি আটায়ে প্ৰাণঢালি গাইছিলোঁ। নেতৃত্বত আছিল বৈশ্যদা। লগত আছিল প্ৰফুল্লদা, হৰেনদা, নুজিবদা, বন্দনা দত্তবৰুৱা আৰু আমি বহুতো। এই সমগ্ৰ কাৰ্যক্ৰমণিকাৰ মধ্যমণি আছিল আমাৰ চৈয়দ জমিৰুদ্দিন ছাৰ।  সময় বাগৰি যায়। আমি গৰ্ডন স্কুলৰ একাদশ শ্ৰেণীত। বৈশ্যদা সেই সময়ত গুৱাহাটীৰ এখন হাইস্কুলৰ শিক্ষক। ১৯৬৫ চনৰ জানুৱাৰী মাহ। মাঘ বিহুৰ মেজিৰ জুই নুমোৱাৰ লগে লগে সমগ্ৰ নলবাৰী অঞ্চলত এক উখল- মাখল পৰিৱেশ। অসম সাহিত্য সভাৰ ৩২তম অধিৱেশন অনুষ্ঠিত হ’ব নলবাৰী কলেজ খেলপথাৰত। গীতশ্ৰীৰ মজিয়াত বৈশ্যদাৰ নেতৃত্বত কোৰাছ গীতৰ আখৰা পূৰা দমে চলিছে। মূল অধিবেশনৰ উদ্বোধনী গীত “বীৰ প্ৰসবিণী হে অসমা, মংগলা মাতৃ সুভাষিণী” শীৰ্ষক গীতটিৰ পৰিবেশন কৰাৰ দায়িত্ব গীতশ্ৰীৰ ওপৰত পৰিছিল। চৈয়দ জমিৰুদ্দিন ছাৰৰ দ্বাৰা ৰচিত আৰু ‘চন্দ্ৰ কোষ’ ৰাগৰ আধাৰত তেখেতৰ দ্বাৰা সুৰাৰোপিত গীতটিৰ গুৰু গম্ভীৰ পৰিবেশনে সভাৰ পৰিৱেশ আৰু গহীন গম্ভীৰ কৰি তুলিছিল। আজিও মনত আছে যে সভাত উপস্থিত থকা সাহিত্যিক, শিল্পীসকলৰ দাবীত গধূলিৰ সাংস্কৃতিক সন্ধিয়াতো পুনৰবাৰ একেটা গীতকে আৰু এবাৰ আমি পৰিবেশন কৰিবলগীয়া হৈছিল। ক’বলৈ গ’লে চৈয়দ জমিৰুদ্দিন ছাৰৰ এনে অপূৰ্ব সুৰ সৃষ্টিৰ আঁৰত আছিল বৈশ্যদাৰ দৰে এচাম সমজদাৰ শিকাৰুৰ পৰা পোৱা উৎসাহ আৰু অনুপ্ৰেৰণা।

 বৈশ্যদা আছিল সংগীতৰ অগ্ৰণী শিকাৰু আৰু আমাৰ অতি শ্ৰদ্ধাৰ অগ্ৰজ প্ৰতীম বন্ধু। তেখেতে গুৱাহাটীলৈ অহাৰ পিছত শাস্ত্ৰীয় সংগীতৰ প্ৰখ্যাত শিল্পী প্ৰয়াত বীৰেন ফুকনদেৱৰ ওচৰত সংগীতৰ তালিম লৈছিল। আমি ন-শিকাৰু যদিও বৈশ্যদাই আমাক সদায় উৎসাহিত কৰি আছিল। এনে এটা উদাহৰণ দাঙি ধৰাটো নিশ্চয় অপ্ৰাসংগিক নহ’ব। কথাটো হ’ল ওপৰত উল্লেখিত উদ্বোধনী গীতটোৰ পৰিৱেশনৰ আগতে মোৰ নেতৃত্বত পিতৃদেৱ