চিনি নোপোৱাটো বিশেষ একো নহয় বুলি কৈ তেখেতে প্ৰশ্ন কৰিলে—
“লাতুমণি মানে কি ক’ব পাৰানে?” মোৰ চিন্তা লাগিল। নাজানো বুলি ক'লো।
“লাতুমণি মানে সোণ-ৰূপ জোখা ৰতি।”
নিজে সোণাৰী হৈ লাতুমণিৰ অৰ্থ নজনা বাবে নিজকে ধিক্কাৰ দিলো।
“তুমি তোমাৰ জাতিৰ ইতিবৃত্ত জানানে?”
একে বিপদত পৰিলো। তাকোতো মই নাজানো। ক'লো— নাজানো ছাৰ!
“শুনা মই কৈ যাওঁ। তুমি ৰামধেনুৰ সম্পাদকলৈ লিখিবা। তিনি বছৰমান আগৰ ৰামধেনুত মই ‘জাতিতোদ্ধাৰ' নামৰ প্ৰবন্ধ এটা লিখিছো। পঢ়ি চাবা। তোমালোকৰ ইতিবৃত্তৰ কথা অলপ তাত আছে। মই এতিয়া অলপ অচৰপ কৈ যাওঁ...” বুলি তেখেতে মোক প্ৰায় দুঘণ্টা সময় গল্প কোৱাৰ দৰে সোণাৰী জাতিৰ ইতিবৃত্ত কৈ গ'ল অনৰ্গল।....•
(উল্লেখযোগ্য যে এই চিনাকিৰ পিছতে বেণুধৰ শৰ্মাদেৱৰ লগত উমেশ বৈশ্যৰ সুসম্পৰ্ক গঢ়ি উঠে। তেখেতে প্ৰায়ে শৰ্মাদেৱৰ ঘৰলৈ গৈছিল আৰু শৰ্মাদেৱেও তেখেতৰ বালিলেছাৰ ঘৰলৈ গৈছিল আৰু বহুতো তত্ত্বগধুৰ আলোচনা কৰিছিল। বেণুধৰ শৰ্মাদেৱৰ ‘মৰমৰ কাৰেং’ নামৰ কিতাপখন উমেশ বৈশ্যৰ 'জনো প্ৰিন্টিং' প্ৰেছত ছপা কৰিছিল আৰু কিতাপখনৰ বাটচ'ৰাত উমেশ বৈশ্যৰ সাহিত্য চৰ্চাৰ প্ৰতি থকা ৰাপৰ কথা খুউব সুন্দৰ ভাবে উল্লেখ কৰিছিল।)