পৃষ্ঠা:শিল্পীপ্ৰাণ উমেশ বৈশ্য.pdf/১২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২৪
সোঁৱৰণীৰ অলেখ ভাষা শিল্পীপ্ৰাণ প্ৰয়াত উমেশ বৈশ্য


কৰা বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, সহকৰ্মীসকলক বিগত অৰ্ধশতিকা জুৰি তেখেতৰ অসাধাৰণ ব্যক্তিত্বৰ দ্বাৰা হৃদয় জাগৃত কৰি নিজ কৃতি জীৱন্ত কৰি ৰাখিব পাৰিছে। আজি ৰজাঘৰ, প্ৰজাঘৰ সকলোতে অসমৰ চৰকাৰী খণ্ডৰ শিক্ষাৰ সমালোচনা আৰম্ভ হৈছে। চৰকাৰী শিক্ষা খণ্ড আজি গভীৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। আমি ভাবো এই অৱস্থাত উমেশ বৈশ্যৰ নিচিনা মধ্য বিংশ শতিকাৰ আদৰ্শ শিক্ষাগুৰুসকলৰ জীৱন সাধনা পৰ্যালোচনা কৰিলে এই সংকটৰ সঁচাৰ কাঠি পোৱা সম্ভৱ। আমাৰ এই সৰু ঠাইখনক জগত সভাত পৰিচয় কৰি দিওতা উমেশদাৰ শিল্পী প্ৰাণলৈ প্ৰণিপাত যাচিলোঁ। তেখেতৰ শিল্প সাধনা আৰু জীৱন কৃতিয়ে নতুন পুৰুষক পথৰ সন্ধান দিয়ক।


 

(লেখক নলবাৰী দেৱীৰাম পাঠশালা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক।)