নাইবা থিয়েটাৰ কৰে। গতিকে মৃগয়া যেনে ব্যসন ভ্ৰমণে একপ্ৰকাৰ ব্যসনেই। এই ব্যসনৰে আমি পৰস্পৰে পৰস্পৰৰ অংশীদাৰ সহযোগী বন্ধু আছিলো আজিৰ (২০১০ চন) পৰা বত্ৰিশ বছৰৰ আগত আমি আমাৰ যৌৱনৰ পৰিসীমা অতিক্ৰম নকৰোতে। ব্যসনবোৰ নিষিদ্ধ কৰ্ম। মৃগয়া ব্যসন বৰ্তমান আইনগতভাৱে নিষিদ্ধ কৰা হৈছে। ভ্ৰমণে ব্যসন শ্ৰেণীভুক্ত যদিও ভ্ৰমণ কিন্তু নিষিদ্ধ নহয়। ভ্ৰমণ শিক্ষাৰ এটা প্ৰধান অংগ। আমি তিনিও শিক্ষক আছিলো। মই কামৰূপ একাডেমী হায়াৰ চেকেণ্ডাৰীৰ, বৈশ্য বাণীকান্ত সোঁৱৰণী ছোৱালী হায়াৰ চেকেণ্ডাৰী আৰু দত্ত আৰ্য্য বিদ্যাপীঠ হায়াৰ চেকেণ্ডাৰী স্কুলৰ। একে ‘প্ৰফেচন’ বৃত্তিৰ লোকৰ মাজত জেলাচি’ হিংসা জন্মে বুলি কয়। যাক ইংৰাজীত ‘প্ৰফেচনেল জেলাচি’ বুলি কোৱা হয়। আমাৰ মাজত কিন্তু সেইটো হোৱা নাছিল। কাৰণ হাইস্কুলত পঢ়ি থাকোতে অষ্টম শ্ৰেণীত ইংৰাজীৰ ক্লাচত ‘তাৰিণী কাকতি’ ছাৰে কোৱা কথা এষাৰলৈ মনত পৰিছে, কি প্ৰসংগত কৈছিল পাহৰিছো ‘বাৰ্ড অব দা ছেম ফিডাৰ ফ্লক টুগেদাৰ’ অৰ্থাৎ একে পাখিৰ চৰাইবোৰে একেলগে (জাকপাতি) উৰে। গতিকে আমিও একে পাখিৰেই চৰাইৰ নিচিনাই আছিলো। কাৰণ আমাৰ প্ৰবৃত্তিবোৰৰ কিছু মিল আছিল। আমাৰ চেণ্টিমেণ্টচ’ অৰ্থাৎ সুকুমাৰ ভাববৃত্তিসমূহৰ বহুখিনি সাদৃশ্য আছিল। সুকুমাৰ ভাববৃত্তি বুলিলে সহানুভূতি, প্ৰেম, ভক্তি, দয়া, দেশানুৰাগ, সৌন্দৰ্যানুৰাগ, সাহিত্যানুৰাগ, ন্যায়পৰতা, ধৰ্মানুৰাগ, সত্যানুৰাগ আদিকে বুজায়। আমাৰ প্ৰকৃতিৰো বহুত সমতা বা সামঞ্জস্য আছিল। প্ৰকৃতি গঠিত হয় সহজাত প্ৰবৃত্তিসমূহৰ যথাযথ অনুশীলনৰ ওপৰত। সহজাত প্ৰবৃত্তি বোলোতে খেলাৰ প্ৰৱণতা, গান গোৱা, ছবি আঁকা, সাহিত্য চৰ্চা কৰা আদি। এইবিলাকৰ প্ৰতি মোৰো অনুৰাগ আছিল আৰু ৰাম-লক্ষ্মণেই বোলো নে কৃষ্ণাৰ্জুনেই বোলো নে টকাটোৰ ইটো পিঠি সিটো পিঠিয়ে বোলো প্ৰয়াত উমেশ বৈশ্য আৰু জীৱিত মাণিক দত্তৰো। সেয়ে বোধহয় উক্ত মণিকাঞ্চনৰ সৈতে তুলসীৰ লগত কলপটুৱাৰ সংযোগ ঘটাৰ দৰে মোৰৰ যোগাকৰ্ষণ ঘটিছিল। আজিৰ (২০১০ চন) পৰা ৪০/৪৫ বছৰ আগত কোন চনত, কোন তাৰিখত কি প্ৰসংগত মনত নপৰে। যিমানদূৰ মনত পৰে আমি তিনিওজন তেতিয়া অবিবাহিত আছিলো। মই ১৯৬২ চনৰ ১ নৱেম্বৰত উলুবাৰী এম.ই. স্কুলত যোগদান কৰে। আৰু ১৯৬৩ চনৰ ১ মাৰ্চত কামৰূপ একাডেমী স্কুলত। তাৰ পাছতে নাইবা ১৯৬৪ চনৰ
পৃষ্ঠা:শিল্পীপ্ৰাণ উমেশ বৈশ্য.pdf/৫২
অৱয়ব