পৃষ্ঠা:শিল্পীপ্ৰাণ উমেশ বৈশ্য.pdf/৩৩২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৪০
৩৪১
সৃষ্টিৰ মাধুৰীঃকৃষ্টিৰ হেঙুল

মহােদয়লৈ ১০/২/৮৮ তাৰিখে প্ৰেৰণ কৰে। I/S মহােদয়ে D/I মহােদয়ক উক্ত ষ্টেটমেণ্টখনত চহী কৰি দিবলৈ অনুৰােধ কৰে যাতে তেখেতে সােনকালে চৰকাৰৰ ওচৰত সেইখন দাখিল কৰিব পাৰে। সেই একে তাৰিখতে অর্থাৎ ১০/২/৮৮ ইং তাৰিখেই উচ্চ মাধ্যমিক শাখাৰ প্রধান শিক্ষয়িত্ৰীয়ে A.D.I. মহােদয়লৈ একত্ৰীকৰণ সংক্রান্ততে এখন চিঠি দিয়ে। তাৰ উত্তৰত A.D.I.য়ে জনায় যে দুয়ােখন বিদ্যালয়ৰ কাৰ্যকৰী কমিটিৰ সন্মতিসূচক প্রস্তাৱ তেওঁ পােৱা নাই৷ তদুপৰি উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰীয়ে পঠোৱা এম. ই. শাখাৰ শিক্ষক-শিক্ষয়িত্ৰীৰ ষ্টেটমেণ্টত এম.ই. শাখাৰ প্রধান শিক্ষয়িত্ৰীয়ে চহী কৰা নাই। গতিকে তেওঁ ষ্টেটমেণ্টত চহী কৰিব নােৱাৰে। এই নেতিবাচক চিঠিখন A.D.I.য়ে ২০/২/৮৮ তাৰিখে পঠায়।

 উচ্চ মাধ্যমিক শাখাৰ প্রধান শিক্ষয়িত্ৰীয়ে ৭/৩/৮৮ তাৰিখে কার্যকৰী কমিটিৰ এখন জৰুৰী সভা পাতে। সভাত A.D.I.য়ে ২০/২/৮৮ তাৰিখে দিয়া চিঠিৰ বিষয়ে আলােচনা কৰা হয় আৰু একত্ৰীকৰণৰ বাবেও আন এটা প্রস্তাৱ লােৱা হয়।

 এইবাৰ প্রধান শিক্ষয়িত্রী ভুৱনেশ্বৰী দেৱীয়ে একত্রীকৰণ সংক্রান্তত কামৰূপ জিলাৰ ডিষ্ট্রিক্ট এলিমেণ্টৰী এডুকেশন অফিচাৰ মহােদয়ৰ লগত যােগাযােগ কৰাৰ সিদ্ধান্ত ললে। A.D.I. মহােদয়ৰ চিঠিৰ কথা উল্লেখ কৰি প্রধান শিক্ষয়িত্ৰীয়ে D.E.E.0. মহােদয়ক জনাব খুজিলে যে যিহেতু ১৯৭৯ চনৰ পৰা ১৯৮৮ চনলৈ এম.ই. শাখাৰ কাৰ্যকৰী কমিটি নাই কার্যকৰী কমিটিৰ যুটীয়া সভাও পাতিব পৰা নাই। এম.ই. শাখাৰ প্রধান শিক্ষয়িত্ৰীৰ বাহিৰে আন সকলাে শিক্ষক-শিক্ষয়িত্ৰীৰে দুয়ােখন বিদ্যালয় একত্রীকৰণত সন্মতি আছে। এই চিন্তাৰ পৰিপ্ৰেক্ষিততে একত্রীকৰণার্থে এম.ই. শাখাৰ শিক্ষক-শিক্ষয়িত্রী- সকলৰ Statementখনত চহী দিয়াৰ বাবে প্রার্থনা কৰি প্রধান শিক্ষয়িত্ৰীয়ে এখন চিঠি লিখিলে আৰু সকলাে শিক্ষক-শিক্ষয়িত্ৰীৰ ২৬/৯/৮৬ তাৰিখৰ একত্ৰীকৰণত সন্মতিসূচক চহীযুক্ত কাগজখনৰ নকলৰ লগতে কার্যকৰী কমিটিৰ একত্ৰীকৰণার্থে লােৱা অন্যান্য প্রস্তাৱ আদিৰ নকল আৰু ওপৰােক্ত ষ্টেটমেণ্টখনাে সংলগ্ন কৰি ১১/৩/৮৮ তাৰিখে চিঠিখন D.E.E.O. মহােদয়লৈ প্ৰেৰণ কৰিলে।

 ১৬/৩/৮৮ তাৰিখে D.E.E.O. মহােদয়ে তেখেতৰ Memo No. DEEO/Misc/I-88/173 চিঠিৰে উচ্চ মাধ্যমিক শাখাৰ প্রধান শিক্ষয়িত্ৰীক