পৃষ্ঠা:শিল্পীপ্ৰাণ উমেশ বৈশ্য.pdf/২২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২২৮
সোঁৱৰণীৰ অলেখ ভাষা শিল্পীপ্ৰাণ প্ৰয়াত উমেশ বৈশ্য


নীৰৱ সমাজ সংস্কাৰক প্ৰয়াত উমেশ বৈশ্য

অর্পনা বণিক্য ৰাজগড়, গুৱাহাটী

“ভাগি গ'ল বীণখনি ছিগি গ'ল তাৰ
ৰৈ গ'ল অৱশেষ অমিয়া জোকাৰ।”
—কবিৰ ভাষাৰে

 ৰৈ যােৱা অৱশেষ সেই অমিয়া জোকাৰৰ (ঝংকাৰৰ) অনুৰণনকে সম্বল কৰি জনমানসত তুলি ধৰাৰ, এটি পুণ্য প্রয়াস কৰিছে প্রয়াত উমেশ বৈশ্যৰ পত্নী আৰু পুত্র সবে। এইয়া আমাৰ বাবে অতি সন্তোষৰ কথা।

 বর্তমান ক্ষয়িষ্ণু আমাৰ অসমীয়া সমাজখনৰ, নতুন প্রজন্মটোৰ, ভৱিষ্যৎ উন্নতিৰ পথত, এইয়া নিশ্চয় পৰম পাথেয় হৈ ৰ'ব।

 প্রয়াত উমেশ বৈশ্য - এটি নাম। বিৰল এক ব্যক্তিত্ব। এটি যেন, একক অনুষ্ঠান। তেওঁ নাছিল কি? এজন কৃতী শিক্ষক হােৱাৰ উপৰিও, একেধাৰে এজন সু-সাহিত্যিক, কবি-গীতিকাৰ সুৰকাৰ আৰু প্রবন্ধাকাৰ। তেওঁ আছিল এজন নীৰৱ সাধক। সেই সাধনা আছিল সমাজ কল্যাণ আৰু মংগল সাধনৰ। তাৰ উপৰি তেওঁ আছিল এজন সমাজ সংস্কাৰক। এজন মানুহৰ মাজত ইমানবোৰ গুণৰ সমাহাৰ খুব কমেইহে দেখা যায়।

 নৱম মান শ্ৰেণীত পঢ়ি থাকোতেই ১৯৫৮ চনত বৈশ্যদেৱে নলবাৰীৰ সঙ্গীত বিদ্যালয় ‘গীতশ্রী'ত গুৰু চৈয়দ জমিৰুদ্দিন আহমেদৰ তত্ত্বাৱধানত সঙ্গীত চৰ্চা আৰম্ভ কৰে। পাছলৈ লক্ষৌৰ ভাটখাণ্ডে সঙ্গীত বিদ্যালয়ৰ পৰাও সঙ্গীতৰ উপাধি লৈ আজীৱন সঙ্গীত সাধনাত ব্ৰতী হৈ পৰে। উচ্চ পর্যায়ৰ সঙ্গীত সাধনাৰ লগতে প্রায় এশৰাে অধিক গীত ৰচি তাত সুৰাৰােপিত কৰে। তেওঁৰ জীৱিত কালতে আকাশবাণী গুৱাহাটী কেন্দ্রযােগে সেইগীতসমূহ প্ৰচাৰো হৈছিল। তেওঁৰ ৰচিত গীত আমিও মুগ্ধ হৈ শুনিছিলোঁ। পিছে - তেওঁক দেখাৰহে সৌভাগ্য

নহ’ল। তাৰ বাবে আজিও আক্ষেপ কৰোঁ।