পৃষ্ঠা:শিল্পীপ্ৰাণ উমেশ বৈশ্য.pdf/২৫১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৫৫
উমেশ বৈশ্যৰ সৃষ্টি কৰ্মৰ মূল্যায়ন


জ্ঞানৰ দুৱাৰ বন্ধ কৰি পেলোৱাত গীতিকাৰজনে গভীৰ ক্ষোভ প্ৰকাশ কৰিছে—

......  ......  ......  ......
সেই জ্ঞানহীন সন্তানে দেশৰ নায়ক হৈ
সোলোকাই দিলে তোৰ যশৰ মুকুট
নিঃশেষ কৰিলে অতীতৰ সন্মান বিশ্ব বুকুত।
নুমুৱাই দিলে তোৰ গৌৰৱ মণ্ডিত জ্ঞানৰ পোহৰ
ৰুদ্ধ কৰিলে তোৰ বিশ্ববন্দিত জ্ঞানৰ দুৱাৰ।

 (৪০) অতীত অসমৰ গৌৰৱ সচেতন গীতিকাৰজনে বৰ্তমান অসমীয়া মানুহৰ নিজক নিচিনা, ভাল-বেয়া চিনি নোপোৱা, লক্ষ্যহীন হৈ বাতুলৰ দৰে ঘূৰি ফুৰা এক দুষ্টালি দেখি সকীয়াই দিছে যেন সেই অজলা ভাৱৰ দুষ্টালি আৰু দানৱৰ বেশ এৰি, অসমৰ অতীত গৌৰৱৰ কথা স্মৰণ কৰি দেশৰ প্ৰগতি ৰচনাৰ পথলৈ ওলাই আহে—অন্যথাই দেশৰ অতীতৰ সকলো খ্যাতি লুপ্ত হৈ যাব—

সত্যক সাৱটি অসত্য নেওচি
প্ৰগতিৰ পথে পথে আহ ওলাই;
নহ'লে যাব তোৰ সকলো হেৰাই
অতীতৰ খিয়াতি যাব যে নুমাই।

 (৪১) সুন্দৰৰ পূজাৰী শিল্পী, খনিকৰ সকলোকে এখন সুন্দৰ সমাজ সৃষ্টিৰ বাবে আগুৱাই আহিবলৈ গীতিকাৰে আহ্বান জনাইছে। ধনৰ লোভত নিজক বিক্ৰী কৰাৰ দোষতে সমাজৰ সুন্দৰতা নোহোৱা হৈ আহিছে। দায়িত্বশীল ব্যক্তিসকলৰ এনে অন্যায় আচৰণ অনুচিত। তেওঁলোকে মনৰ এনে ক্ষুদ্ৰ লঘু ভাৱ এৰি মনৰ বিশাল পৰিধিৰ পৰিচয় দি শিল্পীসকলক ভীষ্ম প্ৰতিজ্ঞা লৈ সুন্দৰ সমাজ গঢ়াত পৃষ্ঠপোষকতা কৰিবলৈ আহ্বান জনাইছে—

ক্ষুদ্ৰ মনৰ স্বৰূপ এৰি,
বিশাল মনৰ পৰিধিৰে
সত্য ৰূপত জিলিকি উঠা
শিল্পী শতদল।
জ্ঞানৰ আলোত সমাজ হওঁক
সুন্দৰ সুবিমল।

 (৪২) পাৰাপাৰহীন বাৰিধি বিশাল হৃদয়ৰ সকলো মৰম-চেনেহ উজাৰি ভালপোৱা, চাই হেপাহ নপলোৱাত আৰু এবাৰ মুখ চাই লব খোজা, প্ৰাণাধিক