পৃষ্ঠা:শিল্পীপ্ৰাণ উমেশ বৈশ্য.pdf/৫৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৫
উমেশ বৈশ্যৰ স্মৃতিচাৰণ

ৰুম এটা লৈ তাতে খগেনক থৈ আমি গয়ালৈ গ'লো। গয়াত গৈ বিষ্ণুপদত শ্ৰাদ্ধ পিণ্ড দি গয়াৰ আকাশগংগা পাহাৰৰ যিটো গুহাত শ্ৰীশ্ৰীবিজয় কৃষ্ণ গোস্বামী প্ৰভুক তেওঁৰ গুৰু ব্ৰহ্মানন্দ পৰমহংসদেৱে দীক্ষা দিছিল, সেই গুহা আৰু অন্যান্য প্ৰসিদ্ধ স্থানবোৰ দৰ্শন কৰি পিচদিনা আকৌ কাশীলৈ ঘূৰি আহি চাৰিও বেনাৰসলৈ গলো সেই সময়ত লক্ষ্ণৌ সংগীত মহাবিদ্যালয়ৰ অধ্যক্ষৰ চাৰ্জত থকা গণেশ প্ৰসাদ মিশ্ৰক লগ কৰিবলৈ। খগেনক সংগীত মহাবিদ্যালয়ত ভৰ্তি কৰাই আমি ভাৰত ভ্ৰমণলৈ যাব লাগে। বেনাৰস পাই আমি গধূলি গণেশ প্ৰসাদ মিশ্ৰৰ ঘৰলৈ গলো। বাটত আমাৰ কৃষ্ণাৰ্জুনে মোক ক'লে তুমি একো কথা নক’বা, যি ক'ব লাগে আমি কম। কথামতে কাম। আমি তেখেতৰ ঘৰত উপস্থিত হলো। কলিং বেল টিপাৰ পাছত মিশ্ৰছাৰেই ওলাই আহি ক'ৰপৰা আহিছে, কাক লাগে সুধিলে। এওঁলোকে ক’লে আমি আসাম গুৱাহাটীৰ পৰা আহিছো। আমাক ভিতৰলৈ মাতি নি বহিব দিলে, কিয় গৈছো সুধিলে। এওঁলোকে মোক দেখাই ক’লে এখেত কামাখ্যাৰ তান্ত্ৰিক সাধু, খগেনক দেখাই ক'লে, এওঁ তেখেতৰ ভাই, এওঁক আপোনাৰ সংগীত মহাবিদ্যালয়ত এডমিশ্যন দিবলৈ আপোনাক অনুৰোধ কৰিবলৈ আহিছে। সুযোগ বুজি ময়ো বেগৰ (জোলাৰ) পৰা সেন্দুৰ উলিয়াই তেখেতক ফোঁট দিলো। তেখেতে ক’লে এতিয়াতো এডমিশ্যনৰ সময় নহয়। জানুৱাৰীৰ পৰাহে হ'ব। আপোনালোক লক্ষ্ণৌলৈ আহক, মই কি কৰিব পাৰো কৰিম। মই আজি ৰাতিৰ গাড়ীত লক্ষ্ণৌলৈ যাম। পূজাৰ বন্ধৰ বাবে তেখেত বেনাৰসৰ ঘৰলৈ গৈছিল। তাৰ পাছত আমাৰ এওঁলোকে ক'লে আপুনি যদি বেয়া নাপায় আমাৰ সাধু মহাৰাজে আপোনাৰ এটি সংগীত শুনিব বিচাৰে? তেখেতে ক'লে মই এতিয়া যাব ওলাইছো, মোৰ ল'ৰা দুজনৰ এজনে গায় আৰু এজনে তবলা বজায়। সিহঁতে আপোনালোকক গান শুনাব। কথামতে কাম হ’ল। মিশ্ৰ ছাৰৰ খুৰাশহুৰ প্ৰখ্যাত ধ্ৰুপদী পণ্ডিত হৰিশংকৰ মিশ্ৰও সেই সময়ত তাত উপস্থিত আছিল। গান-বাজনা শুনি আমি তেখেতসকলৰ পৰা বিদায় লৈ সেইদিনাই বোধহয় ৰাতিৰ গাড়ীত আমিও লক্ষৌলৈ ৰাওনা হ’লো। দত্তৰ সম্বন্ধীয় ভায়েক এজনে লক্ষৌৰ স্কুটাৰ কোম্পানীত কাম কৰে। আমি পিছদিনা গৈ তাতে উঠিলোগৈ। তাতে খোৱা-বোৱা কৰি আবেলি সংগীত মহাবিদ্যালয়লৈ গৈ মিশ্ৰ ছাৰক লগ ধৰিলো। তেখেতে আমাক ক'লে এতিয়া অক্টোবৰ মাহ, জানুৱাৰীত এডমিশ্যন হ’ব গতিকে এই তিনিমাহ