সমললৈ যাওক

পৃষ্ঠা:শিল্পীপ্ৰাণ উমেশ বৈশ্য.pdf/১২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩০
সোঁৱৰণীৰ অলেখ ভাষা শিল্পীপ্ৰাণ প্ৰয়াত উমেশ বৈশ্য


বহুদিন শুনিছিলো।

 অৱশেষত প্ৰয়াত বৈশ্যই গুৱাহাটীৰ বিৰুবাৰীত খোপনি পুতি বাণীকান্ত সোঁৱৰণী বালিকা বিদ্যালয়ত শিক্ষকতাৰে জীৱনৰ পাতনি মেলে আৰু শেষত অধ্যক্ষৰ পদ অলংকৃত কৰে। বৈশ্যই গুৱাহাটীত থাকোতেই তেওঁৰ পিতৃ বন্তিম বৈশ্যৰ আইতাক জোনাপ্ৰিয়া বৈশ্যৰ নামত ‘জোনো প্ৰিন্টিং প্ৰেছ’ বুলি এটি ছপাশালো খুলিছিল, কিন্তু সেইটো বৰ বেছি দিন চলাব নোৱাৰিলে। তাত থাকোতেই তেওঁ অসমৰ বহুতো বিশিষ্ট সাহিত্যিক, বুৰঞ্জীবিদ আদিৰ সান্নিধ্য লাভ কৰি নিজ জীৱন ধন্য কৰিছিল। বহু মহৎলোকৰ সান্নিধ্য টকা- পইচাৰ সহায়তকৈ বেচি মূল্যবান বুলি উপনিষদৰ শ্লোকৰ পৰাই জানিছো।

 আমাৰ চৰম দুৰ্ভাগ্য, মহাকালে তেওঁক অতি কম বয়সতে আমাৰ মাজৰ পৰা কাঢ়ি নিলে— চাকৰিকাল শেষ নৌহওঁতেই।

 তেওঁৰ কৃতিত্ব— তলতীয়া ভায়েৰ কেইজনক সুশিক্ষিত কৰি স্বাৱলম্বী হৈ সমাজত সুপ্ৰতিষ্ঠিত কৰাত। অৱশ্যে তেওঁৰ সুযোগ্যা পত্নীয়েও নিজৰ ল’ৰা চাৰিজনক অতি উচ্চ শিক্ষিতকৈ গঢ়ি তুলি তেওঁলোকক সংস্থাপন দিয়াৰ ক্ষেত্ৰত যি ভূমিকা পালন কৰিছে, তাৰ বাবে তেওঁ ধন্যবাদৰ পাত্ৰী।

 যি উদ্দেশ্যে প্ৰয়াত উমেশ চন্দ্ৰ বৈশ্যৰ স্মৃতিচাৰণৰ দিহা কৰিছে, সি ফলৱতী হওক বুলি আশা কৰিলো। পৰিশেষত উপনিষদৰ ভাষাৰেই কওঁ—

সৰ্বে সুখীননা ভৱন্তু, সৰ্বে সন্তু নিৰাময়াঃ
সৰ্বে ভদ্ৰানি পশ্যন্তু মা কচিৎ দুখভাগ্ ভবেৎ॥
ওম শান্তিঃ শান্তিঃ শান্তিঃ।

(লেখক নলবাৰীৰ দেৱীৰাম পাঠশালা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক (এই লেখাটোৰ ৰচনাকাল ২০১০ ইং)