সমললৈ যাওক

পৃষ্ঠা:শিল্পীপ্ৰাণ উমেশ বৈশ্য.pdf/১০৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০৯
উমেশ বৈশ্যৰ স্মৃতিচাৰণ


শিল্পীপ্ৰাণ প্ৰয়াত উমেশ বৈশ্যৰ সোঁৱৰণত

লোহিত চন্দ্ৰ কলিতা
বিৰুবাৰী, গুৱাহাটী

 জন্ম আৰু মৃত্যু একে সাঁচতে গঢ়া হলেও জন্মত আনন্দ আৰু মৃত্যুত শোকৰ জোঁৱাৰে খুন্দিয়াই যায়। জন্মিলে মৰিবই লাগিব। সকলোৰে মৃত্যু হয়। কোনো কোনো মানুহৰ মৃত্যুয়ে অন্তত সাঁচ বহুৱায়। বহু দিন শোকৰ পৰা পৰিত্ৰাণ নাপায়। কিন্তু মৃত্যু এক ‘আৰ্ট’, এক ‘ভাস্কৰ্য’ বুলি কয় কবিয়ে। সুখ- দুখ, হাঁহি-কান্দোনৰ সংমিশ্ৰণেই হ’ল মানৱ জীৱন। সংগীত, সাহিত্য, সংস্কৃতিৰ পূজাৰী প্ৰয়াত উমেশ বৈশ্যদেৱে অকাল মৃত্যুক সাৱটি নশ্বৰ দেহ ত্যাগ কৰে। সকলোকে কন্দুৱালে। মৃত্যু ‘আৰ্ট’ আৰু ‘ভাস্কৰ্য’ৰ তত্ত্ব সেই সময়ত কিমানে বুজি পায়। বৈশ্যদেৱে সোণৰ কলহত হাত দি অহা নাই। হৰ্ষ-বিষাদৰ মাজেৰে শৈক্ষিক দিশত উন্নতি সাধন কৰিছে। জীৱন মূল্যায়নৰ ক্ষেত্ৰত আপ্ৰাণ চেষ্টাৰে সংগীতক সাধনাৰে আয়ত্ব কৰি সাহিত্য সাংস্কৃতিক আদি সকলো দিশতে উন্নতি কৰিছে। 'A Poet is born not made', বৈশ্যদেৱৰৰ জন্মগত গুণৰ ফলত সকলো সাধনাতে জয়ী হয়। বৈশ্যদেৱে ক্লাচিকেলত বুৎপত্তি লাভ কৰি ক্ষান্ত নাথাকি প্ৰত্যেক বিধত সাধনাৰে সিদ্ধি লাভ কৰিছে। তেখেত একেধাৰে ৰচক, গীতিকাৰ, কবি, সুৰকাৰ বুলিব পাৰি। তেখেতৰ জন্মস্থান বৰ্তমান নলবাৰী জিলাৰ সৰু গাঁও বালিলেছাত। তেখেতৰ পিতৃৰ নাম বন্তিৰাম বৈশ্য। উক্ত গাঁওতে সৰুকালৰ পৰাই কৰা সাধনাৰ ফলত বৈশ্যদেৱে পুখুৰীৰ পৰা সাগৰলৈ যাত্ৰা কৰে। তেখেতৰ ভাতৃসকলো একে সাঁচতে গঢ়া। পূৰ্বপুৰুষৰ পৰাও সাধনাত ব্ৰতী ব্যক্তি। তেখেতৰ মোমায়েক প্ৰয়াত সূৰ্য্য বৈশ্য (বণিক) দেৱৱা সাংস্কৃতিক প্ৰতিভাৰে স্বনামধন্য এগৰাকী নৃত্যবিশাৰদ, সংগীতজ্ঞ, নাট্যকাৰ আৰু পুৰণি যাত্ৰাপাৰ্টি সংগঠক হিচাবে অসমৰ পুৰোধা ব্যক্তি আৰু সকলোৰে নমস্য। মোৰ শিশু কালৰ পৰা তেখেতক জানো। অলপ বহলাই ক'ব ওলাইছো— হাজো সমষ্টিৰ অন্তৰ্গত ‘বৰহাৰদিয়া নাট্য সন্মিলন’ দলৰ প্ৰশিক্ষক হিচাপে উক্ত উপজিয়ে পোৱা গাঁৱত তেখেতৰ লগত দেখা হয়। মই মাত্ৰ