পৃষ্ঠা:শিল্পীপ্ৰাণ উমেশ বৈশ্য.pdf/২১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২২২
সোঁৱৰণীৰ অলেখ ভাষা শিল্পীপ্ৰাণ প্ৰয়াত উমেশ বৈশ্য


“বড়ো মণিপুৰী খাচিয়া ত্ৰিপুৰী,
খামতি ভগিনী গণ,
আহা আগুৱাই লুচাই নাগিনী
কৰোঁ আমি আলিঙ্গন॥”

“বড়ো মণিপুৰী নেপালী বঙালী
ৰাভা মিকিৰ মুছলমান,
আহা পাঞ্জাৱী হিন্দুস্থানী
গাৰো খৃষ্টিয়ান
হিয়াৰ মৰম চেনেহ বিলাওঁ
গাওঁ মিলনৰ গান॥”
  আৰু
“জনসমুদ্ৰ এই দেশৰ বিভিন্ন জাতিগণ
আহা আগবাঢ়ি নাশি ভেদাভেদ
গাওঁ মিলনৰ গান॥”

আদি কেইবাটাও গীতত এই সম্প্ৰীতিৰ কথাই অনুৰণিত হৈছে।

 এনে এগৰাকী সৎ দেশপ্ৰেমিক ব্যক্তি সমাজৰ কুচক্ৰবোৰৰ কাম-কাজৰ প্ৰতিও সততে অৱহিত, সেয়া প্ৰকাশ পাইছে Personification-ৰ যোগেৰেঃ

“হে ক্ষমতা, তোক ধিক্‌ শতধিক্
নেতা নেত্ৰীৰ তই প্ৰতিজ্ঞা ভুলালি
সেয়েহে, আজি তোক ধিক্‌
হে ডাৱৰ, তোক ধিক্‌ শতধিক্‌
দেশৰ নায়কৰ দৃষ্টি ঢাকিলি॥”

 তেওঁৰ সৰল জীৱনৰ অনুসংগ হিচাপে কেতিয়াবা আহিছে শিশুৰ জীৱনঃ

“ৰঙীন শিশুজীৱন আমাৰ
আমি নিষ্কলুষ
বিলাওঁ আমি প্ৰেমৰ আলোক
আমাৰ হাঁহিমুখ
আমি মিলিজুলি খেলি ফুৰোঁ
বনে উপবনে॥”