পৃষ্ঠা:শিল্পীপ্ৰাণ উমেশ বৈশ্য.pdf/২৫৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৫৭
উমেশ বৈশ্যৰ সৃষ্টি কৰ্মৰ মূল্যায়ন


ভৰ জীৱনৰ মিলন বেলাতো
 জাউৰি-জাউৰি সুৰ,
বিয়লি বেলাৰ মৰণ পৰতো
 বাজে বিষাদৰ সুৰ।
সুৰ সাগৰত জীৱনে-মৰণে
 ভাহি ভাহি ভাহি যাওঁ।

 (৪৫) বিদ্যালয়খন স্বৰ্গাদপি গৰীয়সী, জীৱন গঢ়াৰ পূণ্য তপোবন আৰু শান্তি নিকেতনস্বৰূপ। এই বিদ্যাতীৰ্থই আমাক জ্ঞানদান দি আলোকিত স্বৰ্ণপথ নিৰ্দেশ কৰে। সেইবাবেই এই বিদ্যানিকেতন আমাৰ জীৱনৰ মৌ-বন স্বৰূপ। বিদ্যাৰ্থীসকল বিদ্যাতীৰ্থৰ ফুলনিৰ ফুল আৰু মালীও। বিদ্যাতীৰ্থত ফুলা ফুলৰ সুবাস গোটেই জগতত বিলাই কীৰ্তিমান হোৱাই বিদ্যাৰ্থীসকলৰ একান্ত পণ হওক বুলি গীতিকাৰজনে আশা কৰিছে—

সুবাস বিলাই জগৎ জিনিম
সুবাস বিলাই জগৎ জিনি
 হ'ম কীৰ্তিমান
 এই যে আমাৰ পণ।

 (৪৬) সোণোৱালী ৰঙৰ মনোমোহা পখিলাজনী অননিয়ে বননিয়ে উৰি ফুৰে। পৃথিৱীৰ সকলো প্ৰাণীয়েই পখিলাক বিচাৰি হাবাথুৰি খায়। কিন্তু পখিলাই কাকো ধৰা নিদি আঁতৰি যায়। পখিলা মেঘৰ বিজুলী, মৰুৰ মৰীচিকা, সপোনপুৰীৰ ৰূপহী, সৰগী সুখৰ মাধুৰী। পখিলাৰ এই মনোেমোহা গুণ-গৰিমাৰ কথা জানিয়েই সকলোৱে পখিলাক ধৰিব বা পাব বিচাৰে। কিন্তু পখিলাই কাকো ধৰা নিদিয়ে—পখিলা ঢুকি নোপোৱা সৌন্দৰ্যৰ প্ৰতীক মাথো—

সপোন পুৰীৰ মই ৰূপহী
ধৰা নিদিওঁ মই
যাওঁ আঁতৰি।
মই সৰগী সুখৰ মাধুৰী
ধৰা নিদিওঁ মই
যাওঁ আঁতৰি।

 (৪৭) দেশৰ সাহিত্যৰ পূজাৰী সাধকসকলে শ্বহীদৰ স্মৃতিত শোক- সন্তপ্ত হৃদয়েৰে শ্বহীদজনৰ চৰণত শ্ৰদ্ধাঞ্জলি যাঁচিছে। দেশৰ মুক্তিৰ যুঁজত