সমললৈ যাওক

পৃষ্ঠা:শিল্পীপ্ৰাণ উমেশ বৈশ্য.pdf/৫০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৫১
উমেশ বৈশ্যৰ স্মৃতিচাৰণ

অন্তৰত দুখ দিবৰ মােৰ ইচ্ছা নাই, ৰিনাক ভাত বনাবলৈ অৰ্ডাৰ দিলে, এৰাব নােৱাৰি সকলাে কেইটিয়ে তেখেতৰ লগতে ভাত খালাে। ভাত খােৱাৰ অন্তত আৰু এটা কথা ক'লে— যে দিল্লীত গ'লেই মই ভাল হ'মেই; কিন্তু মােৰ এটা কথা ৰাখিব লাগিব। বর্তমান গৰমৰ বন্ধ চলি আছে-১ আগষ্টত স্কুল খুলিব, মই ১ আগষ্টত স্কুলত জইন কৰিহে দিল্লীত যােৱাৰ তাৰিখ ঠিক কৰিম।

 ১ আগষ্ট ১৯৯৮ ইং চনতপুত্ৰক স্কুললৈ যাবৰ বাবে অটো এখন যােগাৰ কৰিবলৈ ক'লে। স্কুলত জইন কৰি মেডিকেলত যােৱাৰ কথা। কিন্তু পৰিয়ালৰ লােকে তেওঁক মেডিকেল কলেজলৈ নিয়াটোহে ঠিক কৰিলে। দুর্ভাগ্যৰ কথা যে ৰিনা, ভাতৃ ৰমেশ আৰু বন্ধু মানিক দত্তৰ লগত গাড়ীতে তেখেতৰ আধা ৰাস্তাতে প্রাণবায়ু গ’ল। ৰিনাৰ কোলাতে ঢুকাল। সকলাে ভগৱানৰ ইচ্ছা। এই খবৰটো মই ঢুকুৱাৰ দিনা নাপালাে, পিছদিনা পুৱাই ভায়েক ৰমেশে খবৰ দিলে, শুনি মর্মান্তিক আঘাত পালাে। বৈশ্যৰ বৰপুত্ৰলৈ বাট নাচাইসৎকাৰ কৰিলে। মই গৈ কাক কি কম নিজে হতবাক হলাে। মনৰ সকলাে আশা-ভৰসা মনতে মাৰ নিয়াই বৃদ্ধ মাক থাকোতে ল'ৰাৰ মৃত্যু কি যন্ত্রণা, বিপদত ধৈর্য ধৰিব লাগিব বুলি শান্ত্বনা দি কিছু সময় থাকিলাে। ইতিমধ্যে বৰপুত্রও আহি পালে, সিয়াে হতবাক হৈ কান্দিব ধৰিলে, বুজনি দি সকলাে কেইটিকে ধৈর্য ধৰি বাকীথকা কামখিনি সমাধা কৰিব কৈ অন্তৰত এটা গধূৰ বােজা লৈ ঘৰলৈ উভটিলাে।

 যথা সময়ত শ্রাদ্ধকর্ম শেষ হ’ল। আৰু আমাৰাে অহাযােৱা কমি গ'ল। তথাপি মনত পৰিলে আঘাত পাওঁ। হঠাৎ ৰিনাই আহি ক'লে—বাইদেউ, বৈশ্যৰ এখন শ্রদ্ধাঞ্জলি উলিয়াব খুজিছাে, আপুনি এটা লিখা দিব লাগে। মই আগতে বৈশ্য ঢুকুৱাত এটা কবিতা লিখি দিছিলাে, হেৰাল বুলি ক'লে।

 হঠাৎ মই বাৰাণ্ডাত বহি বাতৰি পঢ়ি থাকোতে বৈশ্যৰ দুই পুত্র আহি মােক আইতা বুলি মাতি বৈশ্যই লিখা গানৰ কিতাপ এখন দিলে আৰু মােলৈ ফলমূল লৈ আহিছে, কথা-বতৰা হ'লাে। দেউতাকৰ স্মৃতিৰক্ষার্থে কিতাপ উলিয়াব আদি কথা আলােচনা হ’ল। আটাইকেইটা ল’ৰা উপযুক্ত হৈ কাম কৰাত আনন্দ পালাে। বৈশ্যৰ স্মৃতিগ্রন্থমালাৰ ভৱিষ্যৎ উজ্জ্বল কামনাৰে সামৰিলোঁ।

(লেখিকা মুক্তিযােদ্ধা তথা বাপুজী প্রাথমিক বিদ্যালয়ৰ ৰাজ্যিক পুৰস্কাৰপ্রাপ্ত প্রাক্তন প্রধান শিক্ষয়িত্রী।)

(এই লেখাটোৰ ৰচনাকাল ২০১০ ইং)