পৃষ্ঠা:শিল্পীপ্ৰাণ উমেশ বৈশ্য.pdf/৩০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩১
উমেশ বৈশ্যৰ স্মৃতিচাৰণ

আমাৰ সান্নিধ্যৰ বাৰ বছৰ

লাবণ্য চন্দ্ৰ ভট্টাচাৰ্য্য

দীঘেলী,নলবাৰী

 যি জনৰ বিষয়ে লিখিবলৈ লৈছোঁ— শৈশৱ, যৌৱনৰ প্ৰায় প্ৰতিদিনৰ অতি ঘনিষ্ঠ সংগী, সহপাঠী— তেওঁ মোৰ প্ৰিয়তম বন্ধু উমেশ বৈশ্য- যাৰ লগত আমাৰ পৰস্পৰৰ সম্বোধন আছিল— সখা।

 সেই সময়ত কলেজৰ বহুতো সহপাঠী, সংগী বন্ধুৱে আমাক ‘জয়- বিজয়’ বুলি অভিহিত কৰিছিল। মোৰ প্ৰিয় আৰু সেইজন অকৃত্ৰিম বন্ধুৰ অকাল বিয়োগত মই খুব মৰ্মাহত হৈছোঁ। আজি তেওঁৰ বিষয়ে লিখিবলৈ ওলাই আমাৰ সান্নিধ্যৰ বাৰ বছৰৰ এটি চমু বিৱৰণহে দিবলগীয়া হ’ল— যি বিৱৰণৰ বেদনা বিধুৰ স্মৃতিৰ দোলাত বাগৰি মই কি লিখো, কি ধৰো, কি এৰো একো ঠিক কৰিব পৰা নাই।

 ১৯৫০ চনৰ বৰ ভূইকঁপে সমগ্ৰ অসম ভূমি জোকাৰি যোৱাৰ সময়ত আমি বালিলেছা এম.ভি. স্কুলৰ চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ আছিলোঁ। এটা বিশাল অনগ্ৰসৰ অঞ্চলৰ মাজত থকা একমাত্ৰ এখন দীন-জীৰ্ণ স্কুলৰ আমি কিছুমান দুখীয়া অভাৱগ্ৰস্ত পৰিয়ালৰহে ছাত্ৰ আছিলোঁ। ওচৰৰ চুবুৰী আৰু গাঁওবোৰৰ পৰা মাথো দুই-তিনিজন মানকৈহে ছাত্ৰ এইখন বিদ্যালয়লৈ পঢ়িবলৈ আহিছিল। কিছুমানে প্ৰাইমাৰীৰ দেওনা পাৰ নোহোৱাকৈয়ে শিক্ষা জীৱনৰ সামৰণি মাৰি গৃহকাৰ্যত ব্ৰতী হ'ব লগাত পৰিছিল। ছাত্ৰ-ছাত্ৰীৰ অভাৱত শ্ৰেণীবোৰ সেৰেঙা আছিল। এম.ভি. পৰীক্ষাৰ ফাইনেলত অৱতীৰ্ণ হ'বলৈ ছয়-সাতজনমান ছাত্ৰহে থাকিছিলগৈ।

 পৰিয়ালবোৰৰ দুদৰ্শা আৰু দাৰিদ্ৰতা, শিক্ষাৰ প্ৰতি অনীহাই হয়তো ইয়াৰ কাৰণ আছিল। অধিকাংশ পৰিয়ালেই আছিল কৃষিজীৱী-দিনমজুৰী কৰি চলা মানুহ। ঢুলীয়া-কালীয়াও আছিল— কিন্তু অতি দৰিদ্ৰ। বালিলেছা কালী মন্দিৰৰ সেবায়ত সকলৰ আৰ্থিক অৱস্থাও আছিল ভয়ানক দুখলগা। মন্দিৰলৈ অহা ভক্তপ্ৰাণ যাত্ৰীসকলৰ পূজাৰ উপচাৰ আৰু দান-দক্ষিণাৰ ওপৰত নিৰ্ভৰ