পৃষ্ঠা:শিল্পীপ্ৰাণ উমেশ বৈশ্য.pdf/৪৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
88
সোঁৱৰণীৰ অলেখ ভাষা শিল্পীণ প্ৰয়াত উমেশ বৈশ্য


চাইকেলখনেৰে থানাৰ সন্মুখৰ চাহৰ দোকান, মহামায়া কেবিনলৈ যায়গৈ। আমি সঙ্গীতৰ চৰ্চা কৰি থাকোঁতে সন্ধিয়া নামি আহে। সেই সময়ত পুনৰ ছাৰৰ লগত বৈশ্যদা, প্ৰফুল্লদা, হৰেনদা, নুজিবদা, সত্যেনদাহঁত আহি পায়। তেওঁলোকে হাৰ্মনিয়াম, তবলাত হাত বুলাব ধৰে। লাহে লাহে আমি গুচি যাওঁ। এয়ে আছিল আমাৰ সেই সময়খিনিৰ দৈনন্দিন কাৰ্যসূচী। গতিকে বৈশ্যদাক তেতিয়া খুব ওচৰৰ পৰা প্ৰায় সদায়ে পাইছিলোঁ।

 ১৯৬২ চনৰ নৱেম্বৰ-ডিচেম্বৰ মাহ। আজিৰ অৰুণাচল আৰু তেতিয়াৰ ‘নেফা’ত চীনা সৈন্যৰ আক্ৰমণ। কামেং সীমান্ত অঞ্চলৰ কেন্দ্ৰস্থল বমডিলাৰ পতন। সেই সংকটকালত প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে ৰেডিঅ’ যোগে অসমবাসীলৈ বিদায় বাণী দিছিল এইবুলি— "My heart goes with the people of Assam."। সেই যুদ্ধখনৰ বাবে আমাৰ দেশ খুব সম্ভৱ প্ৰস্তুত নাছিল আৰু সেয়ে ভাৰতীয় সেনাৰ বিশেষকৈ তাত থকা অসম ৰাইফলচৰ জোৱানৰ প্ৰায়খিনিৰে নিধন হৈছিল আৰু বাছি থকাখিনিয়ে প্ৰাণ লৈ পলায়ন কৰিছিল। তেতিয়া মানুহৰ মুখে মুখে অহা কথাটো আছিল চীনা সৈন্য আহি তেজপুৰ পাওঁ পাওঁ। সেই সময়ত আমাৰ স্কুলৰ শেষৰ শ্ৰেণী দুটা নবহে! তাৰ সলনি আমি ফিল্ডত লেফট ৰাইট কৰিব লাগে। খাকী ৰঙৰ পোছাক পিন্ধা হাবিলদাৰ এজনে আহি আমাক ট্ৰেইনিং দিয়ে। চাৰিওফালে কিযে এক আতংকময় পৰিৱেশ। ওদালগুৰিত থকা আমাৰ মামাৰ পৰিয়ালৰ আবু, মামী, ভাইটি, ভণ্টি আটাইকেইটা নলবাৰীৰ আমাৰ ঘৰত। সেই কেইদিন গীতশ্ৰীত সচৰাচৰ চলি থকা সংগীতৰ তালিমৰ সলনি বৈশ্যদাৰ নেতৃত্বত আমি দেশপ্ৰেম- মূলক কোৰাছ গীতৰ প্ৰেকটিছ কৰিছিলোঁ আৰু নলবাৰী চহৰৰ ৰাস্তাই ৰাস্তাই দেশপ্ৰেমমূলক গীত গাই গাই দেশৰ প্ৰতিৰক্ষা পুঁজিৰ বাবে ৰাইজৰ পৰা আমি দানবৰঙণি সংগ্ৰহ কৰিছিলোঁ। আজিও মনত পৰে ইকবালৰ “সাৰে জাহাসে আচ্ছা”, জ্যোতিপ্ৰসাদৰ “বিশ্ব বিজয়ী ন জোৱান”, “লুইতৰ পাৰৰ আমি ডেকা ল’ৰা মৰিবলৈ ভয় নাই” আদিৰ লগতে বৈশ্যদাৰ ৰচিত আৰু সুৰাৰোপিত গীতটি আছিল—

“শান্তি ভূমি ৰাঙলী কৰি
ৰঙা শোণিতৰ আহিল বান
শত সন্তান হেৰুৱাই আজি
হ’ল জননী ম্ৰিয়মান॥