পৃষ্ঠা:শিল্পীপ্ৰাণ উমেশ বৈশ্য.pdf/২২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৩১
উমেশ বৈশ্যৰ সৃষ্টি কৰ্মৰ মূল্যায়ন

আহা আগুৱাই হিন্দু ভাঙি
দেশ গঢ়িবৰ হ’ল।।”

আৰু

“(আজি) লাচিতৰ পুলি পােখাৰ চিন চাব নাই
ধােদৰ পুলি পােখাই জকেমকাই
কৰিছনে মন হেৰ অসমীয়া কাই?
টং কৰি চা আমাৰ কিনাে বিলাই
জাগ্রত সেয়ে খােদ পুতাই
এয়াতো শুৱাৰ সময় মুঠেই নহয়।”

—বুলি সকীয়াই দি হিন্দ ভাঙি, দীপ্ত শিখাৰে আলােকিত হৈ দিগ- দিগন্তৰ সীমা পাৰ হৈ পৃথিৱীখন ভ্রমি চাবলৈ কৈছে। কাৰণ – বিশাল পৃথিৱীৰ বুকুৰ আন দেশবােৰ বিজ্ঞান-প্রযুক্তি তথা শিক্ষা-দীক্ষা, কলা-কৃষ্টি, সংস্কৃতিৰে ভাৰততকৈ আগবাঢ়ি গ'ল। ভাৰতৰ বুকুতে থকা অসমখন আকৌ একেবাৰে পিচপৰি ৰ'ল। সেয়েহে গালে—

“অতীতলৈ উভটি চাই
নিজৰ নিজত্ব ৰাখ উজ্বলাই
বিশ্বৰ ভালখিনি ল মিহলাই
কর্মযােগী হৈ প্ৰগতিৰ বাটলৈ
আহ ওলাই;
নহ'লে যাব তােৰ সকলাে হেৰাই
অতীতৰ খিয়াতিও যাব নুমাই”

 তেওঁৰ চকুত পৰিল, দেশপ্রেমিকৰ ভাও দিয়া ভণ্ড দেশপ্রেমিকহঁতৰ টিঘিল-ঘিলনি। দেশৰ অমূল্য সম্পদ সমূহকো তুলাচনীত তুলি দি ধনৰ পাহাৰ গঢ়াৰ অভাৱনীয় মর্মন্তুদ দৃশ্য।

 বৈশ্যদেৱৰ হাতৰ কলমে আকৌ গৰজি উঠিল। অন্তৰৰ তলিৰ পৰা ওলাই আহিল তীক্ষ্ণ ধাৰ লিখনি—

“আমি জ্বালামুখী
আগ্নেয়গিৰি
আমাৰ বুকুত নাচে শােষক শ্রেণী
যদি আমি জাগি উঠো জাগ্রত জ্বালামুখী