চতুৰ্থমান শ্ৰেণীৰ পৰাহে আমি পৰস্পৰৰ ওচৰ চাপি আহিছিলোঁ। এটা
পগলা কুকুৰৰ কামোৰত ঘূণীয়া হৈ মই তেতিয়া তেনেই দুৰ্বল-নিশকতীয়া হৈ
পৰিছিলোঁ। নলবাৰীৰ চৰকাৰী চিকিৎসালয়ত বাৰটা ইজেকচন লোৱাৰ পিছত,
দিয়া ইজেকচনটোত কিবা দোষ লাগি ইফেকচন হৈ একেবাৰে নাভি-পেট
ফুলি মই মৰিবলৈ ওলাইছিলোঁ। এটা কঠিন অস্ত্ৰোপচাৰৰ ফলত নমৰি ৰক্ষা
পৰিলোঁ যদিও বহুদিনলৈ স্কুললৈ নিয়মিত অহা-যোৱা কৰি পাঠ্যক্ৰম আয়ত্ব
কৰিবলৈ মই একেবাৰে অক্ষম হৈ পৰিছিলোঁ।
সেই সময়ত চিত্ৰ-বিচিত্ৰ নামৰ দুজন সহপাঠীৰ লগত প্ৰয়াত শিক্ষাগুৰু শৰৎ চৌধুৰী ছাৰে বৈশ্যক টিউচন লৈ পঢ়ুৱাইছিল। কেইমাহমানৰ পিছতেই দুয়োজন ককাই-ভাই স্কুল এৰি গুছি গ’ল। বৈশ্য, ছাৰৰ দায়িত্বতে শিক্ষা লৈ থাকিল।
ঘৰত পাঠ পঢ়া দূৰৰ কথা, পাৰিবাৰিক অভাৱ-অনাটন, সাংসাৰিক দুখ- কষ্ট, বেমাৰ-আজাৰ, আলৈ-আহুকালৰ মাজত থাকি ৰুগীয়া দেহেৰে পঢ়া-শুনা কৰা মোৰ পক্ষে সহজসাধ্য নাছিল। অৱশ্যে কিজানি মই এজন হীন বুদ্ধিৰ নিকৃষ্ট ছাত্ৰ নাছিলোঁ, যদিও ঘৰুৱা সা-সুবিধা আৰু মৰমৰ পৰা বঞ্চিত আছিলোঁ।
লিখা পঢ়াৰ পৰিপাটি, ভাল আখৰ আৰু ছাফ-চিকুণতাৰ বাবে চৌধুৰী ছাৰ মোৰ প্ৰতি বৰ সদয় আছিল আৰু বৈশ্যক শিকাই বুজাই দিয়া পাঠবোৰৰ উত্তৰবোৰ তেওঁৰ বহীৰ পৰা মোকো টুকি লৈ পঢ়িবলৈ নিৰ্দেশ দিছিল।
মোৰ সুবিধা হ’ল। দুয়ো মিলি, সোধা-সুধিকৈ আলোচনা কৰি, যোৱা পাঠবোৰ পঢ়ি সহজে আয়ত্ব কৰি পেলালোঁ। সেই সুযোগতে দুয়ো দুয়োৰে ঘৰলৈ অহা-যোৱাৰ পথ প্ৰশস্ত হ’ল।
তেওঁৰ মাক-দেউতাক আৰু আইতাকে মোকো একেখন ঘৰৰ ল’ৰাৰ দৰে ইমান আপোন কৰি ল’ব পাৰিছিল যে সেই আদৰ যত্ন মই কেতিয়াও পাহৰিব নোৱাৰোঁ।
ষষ্ঠ শ্ৰেণীৰ পাঠ্যপুথি বোধহয় ‘সাহিত্য সংগ্ৰহ’ত দামোদৰ বিপ্ৰৰ এটি মনোৰম উপাখ্যান আছিল। বিপ্ৰ দামোদৰে শ্ৰীকৃষ্ণক আৰু স্বয়ং শ্ৰীকৃষ্ণয়ো সহপাঠী দামোদৰক ‘সখা’ সম্বোধনেৰে সম্বোধন কৰিছিল। সেই চমকপ্ৰদ আখ্যানৰ প্ৰভাবে আমাক বাৰুকৈ আপ্লুত কৰিছিল, আৰু সখা সম্বোধনেৰে আমিও মাতিবলৈ লৈছিলোঁ।
১৯৫৩ চনত এম.ভি. পৰীক্ষাত উত্তীৰ্ণ হৈ বালিলেছা এম.ভি. স্কুলৰ