কৰি পোৱা চিন্তাশক্তিৰ উৎকৰ্ষ সাধন কৰি নিজৰ আৰু জগতৰ কি কল্যাণমূলক
কাম কৰি থৈ যাব পাৰি সেই আদৰ্শ লৈ বহুজনে জীৱন যুদ্ধত অৱতীৰ্ণ হয়।
সংসাৰখন সুখৰ নহয়— কাৰোবাৰ ভাগ্যত জীৱন জকমকীয়া ফুলেৰে সজোৱা
বেদী বা উদ্যান আৰু কাৰোবাৰ বাবে কণ্টকাকীৰ্ণ আৰু মৰুময় হৈ পৰে।
পোৱাটোক কোনোবাই অপ্ৰয়োজনীয় বুলি গণ্য কৰে আৰু আন এজনে তাকেই
পাবৰ বাবে হিয়া ধাকুৰি হাবাথুৰি খাই ফুৰে।
এটা মাৰ্জিত, সমাহিত জীৱন যাপনৰ বাবে মানুহৰ কিছুমান এৰাব
নোৱাৰা প্ৰয়োজন আছে। সভ্য সমাজৰ মানুহে অন্ন-বস্ত্ৰৰ সন্ধান নকৰাকৈ
থাকিব নোৱাৰে। অন্ন-বস্ত্ৰৰ যোৰা মাৰিবৰ বাবেই মানুহে জীৱনত সৰু বৰ
উপাৰ্জনমুখী কাম কৰাৰ প্ৰয়োজন হয়। আনকি ভৱিষ্যৎ জীৱনত কিবা কাম
কৰাৰ বাবে, চাকৰি বা ব্যৱসায় কৰাৰ বাবে বিবিধ বিদ্যা শিক্ষাৰ প্ৰয়োজন হয়।
বজাৰৰ বস্তুৰ দৰে পইচা দি আয়াসতে কিনি আনিব নোৱাৰি যদিও এই বিদ্যা
আহৰণৰ প্ৰক্ৰিয়াত ধনৰ প্ৰয়োজন হয় আৰু আওপকীয়াকৈ ক'ব লাগিলে
বিদ্যা ক্ৰয়ৰ বাবেও এই ধনৰ প্ৰয়োজন হয়। উপযুক্ত সময়ত ধনৰ অভাৱৰ
হেঁচাত বহুতো বুদ্ধিমান মানুহৰ বুদ্ধি বিকাশৰ সুবিধা হেৰায়।
এনে বুদ্ধি বিকাশৰ সুবিধা নোপোৱা একশ্ৰেণী মানুহে দৃঢ়প্ৰতিজ্ঞ,
আত্মবিশ্বাসী আৰু যুক্তিবাদী চিন্তাৰে পৰিচালিত হৈ জীৱনত নোপোৱাক পোৱাৰ
অহোপুৰুষাৰ্থ কৰে। বাধা-বিঘিনি যিমান আহিলেও সেইবোৰক প্ৰতিহত কৰি
আগুৱাই যোৱাৰ যত্ন কৰে। ইয়াৰে কিছুমানক সৌভাগ্যই লগ দি চমক লগোৱা
জীৱনৰ পিনে উধাই তোলে আৰু কিছুমানৰ কষ্টলব্ধ প্ৰতিভাই বিকাশ লাভৰ
সৌভাগ্য লাভ নকৰে। ইয়াকে কোৱা হয়— Many Miltons die un-
known due to luck and proper chance. আমাৰ সমাজত বহুতো
অনাবিষ্কৃত মেধা বা প্ৰতিভা জনমানসৰ অবগত ননাহোৱাকৈ ৰৈ যায়।
প্ৰয়াত বন্ধু উমেশ বৈশ্য নিম্ন মধ্যবিত্ত পৰিয়ালৰ পৰা আধৰুৱা শিক্ষা
লৈ গুৱাহাটী মহানগৰীত উপস্থিত হৈছিল সত্তৰৰ দশকত। আৰ্থিক দৈন্যতাই
শিক্ষা সম্পূৰ্ণ কৰিব নিদিয়াত, মনৰ দৃঢ়তা আৰু একাগ্ৰতা লৈ জীৱিকাৰ সন্ধান
আৰু শিক্ষা লাভৰ স্পৃহা লৈ মহানগৰৰ মহাসমুদ্ৰত ভৰি দিছিল। আধৰুৱা
শিক্ষা সমাপ্ত কৰাৰ বাবে বৈশ্যই গুৱাহাটী বিশ্ববিদ্যালয়ৰ এম এ শ্ৰেণীত
অসমীয়া বিষয়ত ভৰ্তি হৈছিল। বৈশ্যৰ মুখে স্পষ্টকৈ শুনা নাছিলো যদিও
সম্ভৱতঃ তেখেত সেই সময়ত ৰিহাবাৰী অঞ্চলত আছিল। কথা প্ৰসংগত
পৃষ্ঠা:শিল্পীপ্ৰাণ উমেশ বৈশ্য.pdf/৫৮
অৱয়ব
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৯
উমেশ বৈশ্যৰ স্মৃতিচাৰণ