(প্ৰয়াত উমেশ বৈশ্যই বন্ধুলৈ লিখা চিঠি)
বন্ধুদ্বয় বৰ্মন আৰু ডেকা,
আপোনালোকৰ আহ্বান ক্ৰমে বন্ধুবৰ লঙ্কেশ্বৰ শৰ্মাৰ পৌৰহিত্যত
অনুষ্ঠিত হোৱা বিশেষ জৰুৰী সভাৰ সিদ্ধান্তসমূহ ২৪/৬/৯৭ ইং তাৰিখে
চিঠিখন পোৱাৰ লগে লগে পঢ়িলো।
বন্ধু নৃপেন চৌধুৰীৰ আশু আৰোগ্য কামনা কৰিলোঁ। নৃপেন চৌধুৰীক
আমাৰ সহৃদয় মৰম, স্নেহ, যৎপৰোনাস্তি আৰ্থিক সাহায্য যিয়ে যিখিনি পাৰো আগবঢ়াব লাগে।
মোৰ শৰীৰ খুব এটা ভাল নহয়। ডাইবেটিক বেমাৰী ৰূপে কোনোমতেহে শৰীৰটো ধৰি ৰাখিছো। নৃপেন চৌধুৰীৰ কাষলৈ উৰা মাৰি যাবৰ মন গৈছে। কিন্তু মনটোহে গৈছে, শৰীৰ নচলে। আপোনালোকে যেনেতেনে মোৰ সংবাদ চৌধুৰীক জনাব।
মই ৫০০.০০ টকা (পাঁচশ টকা) চৌধুৰীৰ চিকিৎসাৰ অৰ্থে মণিঅৰ্ডাৰ
যোগে বন্ধুবৰ বসন্ত ভট্ট (অধ্যাপক, নলবাৰী কলেজ)ৰ নামত পঠাই দিলোঁ।
আজিলৈ ইমানতে এৰিলোঁ। সুখ-দুখৰ সকলো মুহূৰ্তত এনেদৰে আমালৈ
মনত কৰিব বুলি আশা ৰাখিলোঁ।
সময় সুযোগ পালে বন্ধু-বান্ধৱসকলৰ সবিশেষ খা-খবৰ জনাই চিঠি
লিখিব। আপোনালোকৰ নাম-ঠিকনা, পিন নম্বৰ সহ জনাব যাতে মই চিঠি
লিখিব পাৰোঁ।
ইতি–
আপোনালোকৰ বিশ্বাসী
শ্ৰীউমেশ বৈশ্য