পৃষ্ঠা:শিল্পীপ্ৰাণ উমেশ বৈশ্য.pdf/৩১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩১৮
সোঁৱৰণীৰ অলেখ ভাষা শিল্পীপ্ৰাণ প্ৰয়াত উমেশ বৈশ্য


(৩) বি.এ. পৰীক্ষাৰ পিছৰ ঘটনা...

 মোৰ বি.এ. পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ সংবাদ শুনাৰ লগে লগে দেউতাৰ শুকান মুখত হাঁহিৰেখা জিলিকি উঠিল। আজি মায়েও হাঁহিছে। অনাখৰী মায়ে বি.এ. মানে বুজা নাই। সৰু ভাই ৰমেশ আৰু মাকণ ভণ্টি আনন্দতে কাষ চাপি আহিল। সিহঁতৰ মুখতো হাঁহিৰ ঢৌ। সিহঁতে আজি এজন গ্ৰেজুৱেট দাদায়েক পালে।

 চোতালত পুৱাৰ মিঠা ৰ’দ। আকাশখনিও বেচ ফৰকাল। ডাৱৰ অকণো নাই। দেউতাৰ কাষতে পিৰালীত বহি ক'লো, “নানা ঘাত-প্ৰতিঘাতৰ মাজত কোনোমতে বি.এ.টো পাছ কৰিলোঁ। ইয়াৰ পিছত উচ্চ শিক্ষা লোৱাৰ বাবে মই যদি গুৱাহাটলৈ গুছি যাওঁ; আপোনালোকে কোনোমতে দুটা বছৰ চলিব পাৰিবনে দেউতা?”

 মোৰ উচ্চাভিলাষী মনটো দেখি দেউতাই আনন্দৰ লোতক চকুত লৈ হাঁহি হাঁহি ক'লে, “বোপা, মোৰ দুৰ্ভাগ্য, পিতৃ হৈ মই যোগ্য পিতৃৰ কৰ্তব্য পালিব পৰা নাই। নিয়তিৰ ওপৰত হাতুৰী মাৰি মাৰি, ছাঁই-এঙাৰৰ মাজত বহি তোক কোনোমতে মেট্ৰিকলৈ পঢ়ুৱালোঁ। তাৰ পিছত আৰু মোৰ শক্তি নুকুলাল। ঘৰে ঘৰে টিউচন কৰি, স্কুলত মাষ্টৰী কৰি নানা কষ্ট সহি বি.এ.টো পাছ কৰিলি। এতিয়া এম.এ.টো পঢ়িবৰ মন কৰিছ যেতিয়া তই আমাৰ চিন্তা এৰি গুৱাহাটীলৈ যা। আমি যিকোনো প্ৰকাৰে চলিম।” কথাখিনি দেউতাই কিবা এক আশাবাদী উচ্ছাসত কৈ গ'ল। মই মাষ্টৰী চাকৰি এৰি গুচি গ'লে ঘৰখনে কি প্ৰকাৰে জীয়াই থাকিব, ভাবি উলিয়াব নোৱাৰিলো। ভৱিষ্যতৰ কৰ্তব্য- অকৰ্তব্যৰ কথা চিন্তা কৰি দেউতাৰ কাষত কিছু সময় তলমূৰকৈ বহি ৰ'লো। মাই মাত দিলে, “বোপা গা ধো। স্কুললৈ যোৱাৰ সময় হ’ল। মোৰ ভাত আঞ্জা হ’ল।”

 মই লাহে লাহে দেউতাৰ কাষৰ পৰা উঠি আহিলোঁ। গাটো তিয়াই ভাতকেইটা কোনোমতে গুজি লৈ স্কুললৈ খোজ ল’লো......।•