নিজৰ কাৰণে খুউব কমকৈহে চিন্তা কৰিছিল। দেউতাৰ এই সৰল/উদাৰ/ আপোনভোলা স্বভাৱৰ কাৰণে অকল তেওঁৰেই যে কেতিয়াবা ক্ষতি হৈছিল এনে নহয়। আমিও (মা আৰু আমি ভাই-ককাই কেইজনেও) বহুক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হৈছোঁ।
১৯৬৭ চনত এম.এ. উত্তীৰ্ণ হোৱাৰ পিছত দেউতাক এবাৰ উজনি অসমৰ কলেজ এখনত যোগদানৰ বাবে নিমন্ত্ৰণ জনাইছিল। দেউতাই এই বিষয়ে তেওঁৰ সংগীত গুৰু জমিৰুদ্দিন আহমেদৰ পৰামৰ্শ বিচৰাত তেওঁ ক'লে, “তুমি যদি অকল তোমাৰ নিজৰ কাৰণে চিন্তা কৰা তেনেহলে তুমি সেই কলেজখনত যোগদান কৰা আৰু যদি ভাই-ভনী তথা ঘৰখনৰ কথা চিন্তা কৰা তেনেহলে তুমি ইয়াতে থকা।” দেউতাই লগে লগে সেই কলেজখনত যোগদানৰ চিন্তা বাদ দিছিল। উল্লেখ্য যে দেউতা সেই সময়ত বাণীকান্ত সোঁৱৰণী ছোৱালী হাইস্কুলত ভেঞ্চাৰ শিক্ষকৰূপে কৰ্মৰত হৈ আছিল আৰু আটাইকেইজন ভায়েককে গুৱাহাটীত নিজৰ লগত ৰাখি স্কুল-কলেজ পৰ্যায়ত পঢ়ুৱাই আছিল।
একমাত্ৰ নিজৰ পৰিশ্ৰমৰ ধনেৰে দেউতাই নিজৰ জন্মগাঁও আৰু তাৰ ওচৰত দেউতাক বন্তিৰাম বৈশ্যৰ নামত পাঁচ (৫) টুকুৰা মাটি কিনিছিল। নিজৰ ভায়েকহঁতক পুত্ৰসম মৰমেৰে লগত ৰাখি লালন-পালন কৰি পঢ়াই শুনাই সংস্থাপন/প্ৰতিষ্ঠা কৰি দি অসুখীয়া হোৱা দেউতাই নিজৰ সন্তান কেইজনক চোৱা-চিতা কৰাৰ সুযোগেই নাপালে। আমি জনা হোৱাৰে পৰা দেউতাক অসুখীয়া অৱস্থাতেই পালোঁ। দেউতাৰ মৃত্যুৰ ঠিক ১৫ দিন আগতে দেউতাই একমাত্ৰ নিজৰ পৰিশ্ৰমৰ ধনেৰে ক্ৰয় কৰা মাটি পাঁচ টুকুৰা দেউতাক এৰি দিয়া বুলি সেই পুত্ৰসম ভায়েক কেইজনে এখন পত্ৰযোগে দেউতাক জনায়। এই বিশেষ পত্ৰখন দিয়াৰ ১৫ দিন পিছতে দেউতাই আমাক এৰি চিৰনিদ্ৰাত পৰে।
কিন্তু পৰিতাপৰ কথা এইটোৱেই যে নিজৰ জীৱনক চৰম ত্যাগ কৰি তেওঁলোকক প্ৰতিষ্ঠা কৰি থৈ যোৱাৰ পিছতো দেউতাৰ মৃত্যুৰ কিছুদিন পাছতে তেওঁলোকে তেওঁলোকৰ সেই পত্ৰখনত লিখা কথাখিনি ৰাখিবলৈ কোনো অজ্ঞাত কাৰণত অপাৰগতা প্ৰকাশ কৰে। তাতোকৈও দুৰ্ভাগ্যজনক কথা যে সেই সুপ্ৰতিষ্ঠিত ভায়েকহঁতৰ উচ্চ শিক্ষিত ল'ৰা-ছোৱালী কেইটাইও (সকলোৱে নহয়) দেউতাকহঁতক তেওঁলোকৰ প্ৰতিশ্ৰুতি পূৰণৰ কথা সোঁৱৰাই দিয়াৰ