পৃষ্ঠা:শিল্পীপ্ৰাণ উমেশ বৈশ্য.pdf/২৪৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৫৩
উমেশ বৈশ্যৰ সৃষ্টি কৰ্মৰ মূল্যায়ন

যাম আগুৱাই লক্ষ্য পথত
জীৱন ডিঙা বাই
ধৰ জোৰে ধৰ গুৰি বঠা ধৰ
ভয় নাই ভয় নাই।

 (৩৬) অসমৰ বাহিৰত সুদূৰ সম্বলপুৰত থাকিও সাহিত্যৰথী ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাই অসমীয়া ভাষাৰ উন্নতিৰ যুঁজত জয়ী হৈছিল। কলকাতাত কলেজীয়া শিক্ষা লোৱা কালতে চন্দ্ৰকুমাৰ আৰু হেমচন্দ্ৰ গোস্বামীৰ লগ লাগি ‘ত্ৰিমূৰ্তি’ নামে জনাজাত হৈ ‘জোনাকী’ আলোচনী উলিয়াই ‘জোনাকী যুগৰ সূচনা কৰি অসমীয়া সাহিত্যক উন্নতিৰ পথত প্ৰতিষ্ঠা কৰিছিল। বেজবৰুৱাৰ সময়ৰ সেইখন দেশকে নকৈ সজোৱাৰ সপোন লৈ অসমীয়া জাতিয়ে ভীষ্ম প্ৰতিজ্ঞা কৰিছে ‘অসম মৰিলে আমিও মৰিম’ ধ্বনিৰে। ৰসৰাজৰ স্মৃতি লৈ দেশৰক্ষাৰ বাবে আগুৱাই যাবলৈ সকলো অসমবাসীকে গীতিকাৰজনে সাদৰ আহ্বান জনাইছে—

ভীষ্ম পণ কৰিছোঁ‌
অসম মৰিলে আমিও মৰিম
সাদৰ আহ্বান জনালোঁ
ৰসৰাজৰ ৰসতে আজি
গগণ পৱন মুখৰ হ’ল।

 (৩৭) বৈষ্ণৱ গুৰু শংকৰদেৱ আৰু অসমৰ স্বাধীনতা ৰক্ষা কৰোতা বীৰ লাচিতৰ দেশখনতে জন্ম হৈছিল অকামিলা ধোদবোৰৰো। কালৰ গতিত শংকৰ গুৰুৰ প্ৰতিভা, বীৰ লাচিতৰ বীৰত্ব পৰৱৰ্তী কালত কোনো অসমীয়াৰ গাত ফুটি নুঠিল; ফুটি উঠিল ধোদৰ পুলি-পোখা আৰু সেই অকৰ্মণ্য ধোদৰ বংশ-পুলি-পোখাৰে অসম ভৰি পৰিল। বৈষ্ণৱ গুৰুজনা আৰু বীৰ লাচিতৰ গৌৰৱৰ বন্তি নুমাই গ'ল। ধোদৰ দৰে এলেহুৱা হৈ পৰা অসমীয়া জাতিক এলাহ আঁতৰাই থৈ পুনৰ গৌৰৱৰ বন্তি জ্বলাই তুলি পৃথিৱীত ‘অসমীয়া বীৰৰ জাতি’ বুলি পৰিচয় দিবলৈ গভীৰ দেশপ্ৰেমৰ অনুভূতিৰে গীতিকাৰে দেশবাসীক আহ্বান জনাইছে—

এলেহুৱা, কেলেহুৱা হেৰ অসমীয়া
 জাগ্ৰত হৈ তই আকৌ জ্বলাই তোল