পৃষ্ঠা:শিল্পীপ্ৰাণ উমেশ বৈশ্য.pdf/৩০৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
 

উমেশ বৈশ্যৰ ডায়েৰীৰ পৃষ্ঠা

 “সৰুৰে পৰা মোৰ এটা অসাধাৰণ হোৱাৰ কল্পনা আছিল। ভগৱানে নসজা কিন্তু সভ্য মানুহে সজা পিছপৰা বণিয়া জাতত জন্মগ্ৰহণ কৰিলেও মনটো পিছ পৰা নাছিল। আজিৰ মানুহৰ দৰে ভগৱান ঠেক মনৰ হ’লে মোক নিশ্চয় হিমালয়ৰ দৰে উচ্চ মন এটা নিদিলেহেঁতেন।”

– উমেশ বৈশ্য